--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত সামৰণি পৰিল নিৰ্বাচনী বতাহ। দিল্লী বিধানসভা নিৰ্বাচনত বৃহৎ ব্যৱধানত জয়ী হোৱাৰ পাছতে কিছুসময়লৈ নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততাৰ পৰা আঁতৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আন্তর্জাতিক ক্ষেত্ৰত ভাৰতৰ ভেটি সমৃদ্ধ কৰাত অধিক গুৰুত্ব আৰোপ কৰিছে৷ সোমবাৰে ফ্ৰান্সলৈ ৰাওনা হয় প্ৰধান মন্ত্ৰী মোদী। বুধবাৰে ফ্ৰাণ্সৰ পৰা আমেৰিকালৈ উৰা মাৰিব প্ৰধান মন্ত্ৰী মোদী। মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ আমন্ত্ৰণ মৰ্মে ফ্ৰান্স ভ্ৰমণত গৈছে প্ৰধানমন্ত্ৰীগৰাকী।
 
ফ্ৰন্সত উসস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। এইখন আছিল দুয়োগৰাকী নেতাৰ মাজত প্ৰথমখন বৈঠক আৰু দুয়োগৰাকী শীৰ্ষ নেতৃত্বই তথ্য-প্ৰযুক্তি আৰু ডিজিটেল খণ্ডত ক্ৰমবৰ্ধমান দ্বিপাক্ষিক সহযোগিতাৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে আৰু দুয়োখন দেশৰ মাজত প্ৰতিষ্ঠানিক সংযোগৰ লগতে গণসংযোগ বৃদ্ধিৰ বাবেও সন্মতি প্ৰকাশ কৰে৷ আজি সন্ধিয়া প্ৰধানমন্ত্ৰী মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে যৌথভাৱে ভাৰত-ফ্ৰান্সৰ চিইঅ’ ফ’ৰামত ভাষণ দিব আৰু ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে মাৰ্চেলিছলৈ ৰাওনা হ’ব৷

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ কাৰ্যকালত চতুৰ্থবাৰৰ বাবে ফ্ৰান্স ভ্ৰমণ কৰে। মোদীৰ শাসনৰ পৰাই ফ্ৰান্সৰ সৈতে ভাৰতৰ সম্পৰ্ক সুদৃঢ় হৈছে। সেয়ে দুয়োখন দেশৰ মাজত বাণিজ্যও বৃদ্ধি পাইছে। এক প্ৰতিবেদন অনুসৰি মোদী শাসনৰ পূৰ্বে ভাৰতত ফ্ৰান্সৰ পৰা বিদেশী বিনিয়োগ আছিল ১৮ হাজাৰ কোটি টকা। আৰু ২০১৪ চনৰ পৰা সেই বিনিয়োগ তিনিগুণ বৃদ্ধি পাইছে। ফ্ৰাণ্সে ভাৰতত এই পৰ্যন্ত ৫৩ হাজাৰ কোটি টকাৰ বিনিয়োগ কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?