--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেচ কিছুদিন ধৰি বিৰাট কোহলীৰ বেটৰ পৰা অহা নাই প্ৰত্যাশিত ৰান। চলিত আইপিএলতো চিনাকি ছন্দত দেখিবলৈ পোৱা নাই কোহলীক। গুজৰাট টাইটানছৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰাৰ পিছতো বিৰাট কোহলী চিনাকি ছন্দত নাই বুলি অনুমান কৰিবলৈ লৈছে ক্ৰীড়ানুৰাগীয়ে। এইবাৰ নিজৰ দল আৰচিবিৰ প্ৰসংগত মুখ খুলিছে বহু যুঁজৰ সৈনিকজনে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে তেওঁৰ ওপৰত দেখুওৱা আস্থা আৰু বিশ্বাস আন কোনো দলে তেওঁৰ প্ৰতি দেখুওৱা নাই বুুলি মন্তব্য কৰিছে বিৰাট কোহলীয়ে। 

২০০৮ চনত আইপিএল আৰম্ভ হোৱাৰ পৰা একেটা দলৰ হৈ খেলি আহিছে বিৰাটে। আন কোনো ক্ৰিকেটাৰে এনে দৃষ্টান্ত তুলি ধৰিব পৰা নাই। আৰচিবিৰ হৈ এক অনুষ্ঠানত ভাষণ দি বিৰাটে কয়, ‘আন দলসমূহৰ মাজতো সুযোগ আছিল মোক ক্ৰয় কৰাৰ। কিন্তু মোক কোনেও সুযোগ দিয়া নাছিল। আৰচিবিয়ে মোক প্ৰথম তিনি বছৰ যিদৰে সুযোগ দিছিল, যিদৰে তেওঁলোকে মোৰ ওপৰত বিশ্বাস ৰাখিছিল, সেয়া সঁচাকৈয়ে অতুলনীয়। আন দলসমূহে কিন্তু মোক তেনেদৰে সমৰ্থন কৰা নাছিল। ’

উল্লেখ্য যে, ২০০৮ চনত বিৰাট কোহলীৰ নেতৃত্বত অনুৰ্ধ-১৯ বিশ্বকাপত জয়ী হৈছিল ভাৰত। খেল চলাকালীন সময়তে হৈছিল আইপিএলৰ নিলাম। স্থানীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ পৰিৱৰ্তে বলাৰ প্ৰদীপ চাংৱানক দলত অন্তৰ্ভুক্ত কৰিছিল দিল্লী ডেয়াৰডেভিলছে। ২০১৩ চনৰ পৰা বিৰাটক পূৰ্ণ-সময়ৰ অধিনায়ক হিচাপে মনোনীত কৰে আৰচিবিয়ে। ২০২১ চনৰ আইপিএলৰ পিছত অধিনায়কত্বৰ পৰা পদত্যাগ কৰে কোহলীয়ে। ২০২২ চনৰ আইপিএলৰ নিলামৰ পূৰ্বে বিৰাটে আগন্তু দিনসমূহতো আৰচিবিৰ হৈ খেলিব বিচাৰে বুলি মন্তব্য কৰিছিল।এই প্ৰসংগত বিৰাটে কয়, ‘বহুতে মোক আৰচিবি এৰি নিলামত মোৰ নাম লিখিবলৈ কৈছিল। যিকোনো মূল্যৰ বিনিময়ত মোক নিলামত ক্ৰয় কৰাৰ প্ৰলোভন দিছিল। কিন্তু মই এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিলো।

আৰচিবিৰ সৈতে বিৰাটৰ সম্পৰ্ক মধুৰ। তেওঁ কয়, ‘মোৰ জীৱনবোধ একেবাৰে সৰল। আইপিএলত জয়ী হ’লে প্ৰথম পাঁচ মিনিটৰ বাবে অত্যন্ত সুখ অনুভৱ কৰোঁ কিন্তু পাছমুহূৰ্ততে মই নিজৰ চিন্তাত মগ্ন হৈ পৰো। আইপিএল জয়ী নহ’লে যে পৃথিৱীখন শেষ হৈ যাব তেনে কথা নাই।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?