--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত পুৰুষ নিৰ্যাতনৰ সংখ্যা বহুত বাঢ়ি গৈছে। গাৰ্হস্থ্য হিংসাৰ বলি হৈছে পুৰুষ। মধ্যপ্ৰদেশৰ পান্নাত এজন স্বামীয়ে পত্নীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অভিযোগ কৰি স্বামীগৰাকীয়ে কয় যে পত্নীয়ে তেওঁক নিৰ্দয়ভাৱে প্ৰহাৰ কৰে। 

তেওঁ কয় যে মোৰ পত্নীয়ে মোক প্ৰায় প্ৰচণ্ডভাৱে মাৰপিট কৰে, মোক বচাওক চাৰ। ভুক্তভোগী স্বামীজনে এই সমগ্ৰ ঘটনা গোপনে লুকুৱাই ৰখা এটা কেমেৰাত ৰেকৰ্ডিং কৰিছে, যাৰ প্ৰমাণ আৰক্ষীক গতাই দিয়া হৈছে। বৰ্তমান আৰক্ষী এই বিষয়টোৰ তদন্তত ব্যস্ত।

তথ্য অনুসৰি ৩০ বছৰীয়া লোকেশ মাঞ্জী নামৰ যুৱকজনে ৰে’ল বিভাগত লোকো পাইলট হিচাপে কাম কৰি আছে। ২০২৩ চনৰ জুন মাহত হৰ্ষিতা ৰাইকৱাৰ নামৰ ছোৱালী এজনীক বিয়া কৰাইছিল লোকেশে।

লোকেশৰ অভিযোগ যে বিয়াৰ পিছতেই পত্নী, শাহুৱেক আৰু পত্নীৰ ভায়েকে টকা আৰু সোণ-ৰূপ দাবী কৰিবলৈ আৰম্ভ কৰিছিল। বিয়াৰ পিছৰে পৰা পত্নীয়ে তেওঁক পিতৃ-মাতৃ আৰু বন্ধু-বান্ধৱীক লগ কৰিবলৈ দিয়া নাছিল।

পান্না জিলাৰ অজয়গড় তহচিলৰ বাসিন্দা লোকেশ কুমাৰ মাঞ্জি। বৰ্তমান তেওঁ সতনাত বসবাস কৰি আছে। লোকেশে কয় যে মই দুখীয়া পৰিয়ালৰ ছোৱালী এজনীক বিয়া কৰাবলৈ সিদ্ধান্ত লৈছিলোঁ। বিয়াত মই কোনো যৌতুক লোৱা নাছিলো। ছোৱালীজনীৰ দেউতাকে পেট্ৰল পাম্পত কাম কৰে। বিয়াৰ পিছৰে পৰা মোৰ পত্নীয়ে মোক মাক-দেউতাৰ লগত কথা পাতিবলৈ নিদিয়ে আৰু মোৰ ঘৰলৈ কাকো আহিবলৈ নিদিয়ে।

যুৱকজনৰ অভিযোগ যে তেওঁৰ পত্নীয়ে তেওঁক আনকি বন্ধু-বান্ধৱীকো লগ কৰিবলৈ নিদিয়ে। ঘৰৰ কামতো সহায় নকৰে। লোকেশে অভিযোগত কৈছে যে মোৰ পত্নীয়ে মোক গালি-গালাজ আৰু প্ৰহাৰ কৰি থাকে। এই কাৰণতে মই ঘৰত কেমেৰা এটা লগাই দিলোঁ, যাৰ ভিডিঅ’ মোৰ হাতত আছে। মোৰ লগত কাজিয়া কৰাৰ পিছত পত্নীয়ে মাক আৰু ভায়েকক সতনালৈ মাতিছিল আৰু ২০২৫ চনৰ ২০ মাৰ্চত সকলোৱে মোক মাৰপিট কৰিছিল, যাৰ বাবে মই আঘাতপ্ৰাপ্ত হৈছিলো। এই বিষয়ত সতনা থানাত অভিযোগ দাখিল কৰা হৈছে। মই বৰ ভয় খাইছো আৰু চিন্তিত হৈ পৰিছো। মই যাতে ন্যায় পাওঁ আৰু মোক পত্নীৰ পৰা ৰক্ষা কৰক।

আৰক্ষী অধীক্ষক পান্না সাই কৃষ্ণ এছ থোতাই কয় যে এজন যুৱকে পত্নীৰ হাৰাশাস্তিৰ কাহিনী কোৱাৰ বাবে আবেদন দাখিল কৰিছে। ভিডিঅ’ ফুটেজো বনাইছে। যিহেতু ঘটনাটো সতনাৰ। তাত এটা গোচৰ ৰুজু কৰা হৈছে। সংশ্লিষ্ট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰা হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?