--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ নিৰ্বাচনী বতাহে উত্তাৱল কৰি তুলিছে দেশৰ ৰাজনৈতিক পৰিৱেশ৷ শেহতীয়া কৈ কংগ্ৰেছ দলে মুছলমানৰ বাবে ১০% সংৰক্ষণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাকলৈ সৰৱ হৈ পৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ প্ৰতিশ্ৰুতিক সমালোচনা কৰি প্ৰদান মন্তব্যই ভাৰতত চলিত সংৰক্ষণ প্ৰণালীৰ ওপৰত এনে নীতিৰ প্ৰভাৱ সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হৈছে।

এখন জনসভাত আংশগ্ৰহণ কৰি অমিত শ্বাহে কয় যে কংগ্ৰেছ দলে মুছলমান উলেমাক আশ্বাস প্ৰদান কৰিছে যে তেওঁলোকে ক্ষমতালাভ কৰিলে মুছলমানৰ বাবে ১০% সংৰক্ষণ প্ৰদান কৰিব। অমিত শ্বাহে এই প্ৰতিশ্ৰুতিক কটাক্ষ কৰি কয় যে মুছলমানৰ বাবে সংৰক্ষণ দিলে কোন কোন জাতি জনজাতিৰ সংৰক্ষণ হ্ৰাস হ'ব বুলি মন্তব্য কৰি কয় যে এনে নীতি প্ৰয়োগ কৰিলে বৰ্তমান সংৰক্ষণৰ কোটাসমূহ যিবোৰ অনুসূচীত জাতি, অনুসূচীত জনজাতি, আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে বাবে থকা সংৰক্ষণ সেইবোৰ হ্ৰাস পাব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে আৰু কয় যে ভাৰতীয় সংবিধানে ধৰ্মভিত্তিক সংৰক্ষণৰ অনুমতি নিদিয়ে আৰু বিজেপি ক্ষমতাত থকা পৰিসৰত এনে সংৰক্ষণ প্ৰয়োগ নহ'ব। তেওঁ কংগ্ৰেছ দলক মুছলমানৰ বাবে অনুসূচীত জাতি, অনুসূচীত জনজাতি, আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ হ্ৰাস কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিষয়ত নিজৰ মতামত প্ৰকাশ কৰি কয় যে বিজেপি দলে বৰ্তমান সংৰক্ষণ প্ৰণালী বজাই ৰখাৰ বাবে প্ৰতিশ্ৰুতি বদ্ধ। মোদীয়ে অনুসূচীত জাতি, অনুসূচীত জনজাতি, আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ অধিকাৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে তেওঁলোকৰ সংৰক্ষণৰ প্ৰণালীক সুৰক্ষিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে বুলি মন্তব্য আগবঢ়ায়। 

আৱশ্যে এই পৰ্যন্ত কংগ্ৰেছ দলে শ্বাহৰ অভিযোগৰ ওপৰত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা  নাই যদিও ৰাজনৈতিক বিশ্লেষকসকলে এই বিতৰ্কই আগন্তুক নিৰ্বাচনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে বুলি মত প্ৰকাশ কৰিছে কাৰণ সংৰক্ষণ নীতি বহু ভোটাৰৰ বাবে এক সংবেদনশীল আৰু গুৰুত্বপূৰ্ণ বিষয়।

সংৰক্ষণ নীতিৰ ওপৰত এই ৰাজনৈতিক বিতৰ্কই ভোটাৰৰ মনোভাৱ তথা ভাৰতৰ ৰাজনৈতিক পৰিৱেশত কিদৰে প্ৰভাৱ বিস্তাৰ কৰে সেয়া লক্ষণীয় হ’ব৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?