--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় লক্ষ্য কৰিছে যে কিছুমান মানুহৰ মুখত বগা ফোহা ওলায়, যিটো মানুহৰ শৰীৰত দ্ৰুত পৰিৱৰ্তন ঘটি থকাৰ লক্ষণ। মুখত বগা ফোহা ওলালে ভুলতো আওকাণ কৰিব নালাগে। ই অতি বেয়া জীৱনশৈলী আৰু খাদ্যাভ্যাস সম্পৰ্কীয় অভাৱৰ বলি হোৱাৰ লক্ষণ।  মুখত বগা ফোহা ওলোৱাৰ কাৰণ জানো আহক।

মুখত বগা ফোহা ওলোৱাৰ কাৰণ:

মানসিক চাপ- মানসিক চাপৰ ফলত আপোনাৰ শৰীৰত বগা ফোহা ওলাব পাৰে। আচলতে আমি যেতিয়া বেছি মানসিক চাপ লওঁ তেতিয়া শৰীৰ ক্ষাৰকীয় হৈ পৰে আৰু শৰীৰৰ তাপ বাঢ়ি যায়। শৰীৰে ইয়াক হজম কৰিব নোৱাৰে আৰু ই ছাল আৰু কলাৰ মাজেৰে বাহিৰত দেখা দিয়ে। এই বগা ফোহাবোৰে তেতিয়া আপোনাক আমনি কৰিবলৈ আৰম্ভ কৰে।

এচিডিক খাদ্য- এচিডিক খাদ্য, যেনে গৰম খাদ্য বা বেছি তেল-মচলাযুক্ত খাদ্যৰ ফলত মুখত বগা আলচাৰ হ’ব পাৰে। ইয়াৰ উপৰিও বেছিকৈ শীতল পানীয় খোৱা, ফাষ্ট ফুড খোৱা, অত্যধিক জ্বলা আৰু গৰম মছলা খোৱাৰ ফলত পেটত এচিডিক হৈ পৰে আৰু মুখত বগা আলচাৰ ওলাবলৈ আৰম্ভ কৰে।

ভিটামিনৰ অভাৱ- ভিটামিন বিৰ অভাৱত বিশেষকৈ ভিটামিন বি ১২ৰ ফলত মুখত বগা আলচাৰ হ’ব পাৰে। আচলতে ই আপোনাৰ জিভা আৰু মুখৰ পৰিৱেশ সংবেদনশীল কৰি তোলে যাৰ ফলত মুখত বগা ফোহা ওলাব পাৰে। 

গতিকে, এই কাৰণবোৰ আওকাণ নকৰিব আৰু পুনৰাবৃত্তিমূলক বগা আলচাৰ লক্ষ্য কৰিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক। লগতে এই কাৰণবোৰ জনাৰ পিছত এই সমস্যাই যাতে বাৰে বাৰে আমনি নকৰে তাৰ বাবে সেইবোৰ কৰাৰ পৰা বিৰত থাকিব আৰু প্ৰচুৰ পৰিমাণে পানী খাব আৰু পেটটো ঠাণ্ডা কৰি ৰাখিবলৈ চেষ্টা কৰিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?