--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল অনুষ্ঠিত কৰি, ৰাজ্যৰ নিৰাপত্তা সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ অবৈধ অনুপ্ৰৱেশকৰীৰ সমস্যা সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে৷বিগত দুটা মাহত অসমত ১৩৮ জন অনুপ্ৰৱেশকাৰী ধৰা পৰিছে বুলি সদৰি কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত বাংলাদেশৰ সীমা ভাৰতৰ গাতে লাগি থকাৰ বাবে অবৈধ অনুপ্ৰৱেশ ঘটিছে বুলি বক্তব্য প্ৰদান কৰিছে৷ লগতে কয় যে ভাৰত বাংলাদেশ সীমান্তত সীমা সুৰক্ষা বাহিনীৰ প্ৰচেষ্টাৰ পাছতো বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশ হৈ আছে৷ এই ক্ষেত্ৰত ৰাজ্যচৰকাৰে গুৰুত্ব পূৰ্ণ ভুমিকা গ্ৰহণ কৰিব লাগিব বুলি মন্তব্য কৰে৷  

হিমন্ত বিশ্ব শৰ্মাই কয় যে, বি এছ এফৰ নিৰন্তৰ প্ৰচেষ্টা সত্ত্বেও বাংলাদেশৰ পৰা অবৈধভৱে প্ৰব্ৰজন হৈয়ে আছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি মত প্ৰকাশ কৰে। আৰু তেওঁ কয় যে অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাতো একাংশ অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্ত কৰা হৈছে আৰু অসমতো বহু অনুপ্ৰৱেশকাৰী চিনাক্ত কৰা হৈছে৷

অনুপ্ৰৱেশকাৰীৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰতলৈ অহা বাংলাদেশী অনুপ্ৰৱেশকাৰী বাংলাদেশী হিন্দু নহয় ৰোহিংগীয়া মুছলমান হোৱাত অতিশয় আচৰিত বুলি মন্তব্য কৰি কয় বাংলাদেশত সংখ্যালঘু হিন্দুয়ে যি পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে তাৰ প্ৰতি লক্ষ্যৰাখি বাংলাদেশী হিন্দু ভাৰতলৈ আহিব বুলি আশা কৰা হৈছিল যদিও ভাৰতলৈ কেৱল ৰোহিংগীয়া মুছলমানহে অনুপ্ৰৱেশ কৰিছে।

ৰোহিংগীয়া মুছলমান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ৰোহিংগীয়া মুছলমানসকল দেশৰ বিভিন্ন ৰাজ্যলৈ আহিবলৈ চেষ্টা চলাই আহিছে। সেয়ে প্ৰতিখন ৰাজ্য চৰকাৰে সজাগ হৈ থকাৰ লগতে সীমা সুৰক্ষা বাহিনীৰ সৈতে যৌথভৱে প্ৰচেষ্টা হাতত ল’ব লাগিব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?