--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ প্ৰতিনিধিৰ সৈতে ১৯৮৫ চনৰ ১৫ আগষ্টত স্বাক্ষৰিত হৈছিল অসম চুক্তি৷ অসম চুক্তি ৰূপায়নৰ বাবে ১৯৮৬ চনত ‘অসম চুক্তি ৰূপায়ন বিভাগ’ নামেৰে এটা নতুন বিভাগৰ সুচনা কৰা হয়৷ তাৰ পাছতো 'অসম চুক্তি' চুক্তি হৈয়ে আছিল৷ তাৰ মাজতে অসম চুক্তিক নস্যাৎ কৰি প্ৰণয়ন কৰা হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক৷ শেহতীয়া কৈ অসম বিধানসভাৰ শৰৎকালিন অধিৱেশনত অসম চুক্তি ৰুপায়নৰ বাবে তিনিমাহৰ ভিতৰত ৰোড মেপ প্ৰস্তুত কৰা হ’ব বুলি ঘোষণা কৰিছ্ল৷

বুধবাৰে মুখ্যমন্ত্ৰীৰ কেবিনেট বৈঠকত অসম চুক্তি ৰূপায়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিয়ে প্ৰদান কৰা ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছে অসম চৰকাৰে। বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত সম্পৰ্কে সদৰি কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে বিপ্লৱ শৰ্মা সমিতিয়ে প্ৰদান কৰা প্ৰতিবেদনৰ ওপৰত আলোচনা কৰি ২০২৫ চনৰ ১৫ এপ্ৰিলৰ ভিতৰত ৫৭ টা পৰামৰ্শ আছু আৰু অন্যান্য সংগঠনৰ সৈতে আলোচনাৰ মাধ্যমেৰে কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে। ডিমা হাছাও,কাৰ্বি আংলং, আৰু বড়ো স্বায়ত্তশাসিত অঞ্চলৰ দৰে ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহৰ বাহিৰে সমগ্ৰ ৰাজ্যজুৰি প্ৰযোজ্য হ’ব ৫৭ টা পৰামৰ্শ৷ বাকী অঞ্চল সমূহৰ ক্ষেত্ৰত অধিক আলোচনাৰ প্ৰয়োজন বুলি সদৰি কৰিছে৷ 

উল্লেখনীয় যে অসম চুক্তিৰ ৬ নং দফাত ‘অসমৰ সাংবিধানিক, আইনী আৰু প্ৰশাসনিক ক্ষেত্ৰত সুৰক্ষা, অসমৰ আপুৰুগীয়া সম্পদৰাজি সাহিত্য, সংস্কৃতি তথা ভাষিক সুৰক্ষা, সংৰক্ষণ আৰু প্ৰচাৰ কৰা।’ বিষয়ে উল্লেখ আছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি অসম চুক্তিৰ ৬ নং দফাৰ প্ৰণয়নৰ বাবে প্ৰদান কৰা পৰামৰ্শৰ ৮৫% পৰামৰ্শ কাৰ্যকৰী কৰা হ’ব, বাকীখিনি প্ৰণয়ন কৰা কেন্দ্ৰ চৰকাৰৰ হাতত বুলি উল্লেখ কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?