--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ কনভয় সন্দৰ্ভত এটা আচৰিত তথ্য প্ৰকাশ পাইছে। আৰটিআইত প্ৰকাশ পাইছে যে তেওঁ এতিয়ালৈকে পঞ্জাৱৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত সৰ্বাধিক কনভয় লৈ ঘূৰে। ২০ বা ৩০ খন নহয় ৪২ খন বাহন তেওঁৰ কনভয়ত অন্তৰ্ভুক্ত হৈ আছে। আৰ টি আইত এই তথ্য ওলোৱাৰ পাছতেই এতিয়া তেওঁ বিৰোধীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে। নিজকে সাধাৰণ মানুহ বুলি অভিহিত কৰা মুখ্যমন্ত্ৰী ভগৱন্ত মানক তীব্ৰ সমালোচনা কৰিছে বিৰোধীয়ে। বিৰোধীয়ে কটাক্ষ কৰি কৈছে-এয়াই নেকি 'আম আদমী'ৰ স্বৰূপ।

কংগ্ৰেছ বিধায়িনী দলৰ নেতা প্ৰতাপ সিং বাজৱাই টুইট কৰি কয় যে ''২০০৭ চনৰ পৰা ২০১৭ চনলৈ মুখ্যমন্ত্ৰী হৈ থকা পৰকাশ সিং বাদলৰ কনভয়ত ৩৩খন বাহন আছিল। তেওঁৰ পাছত কেপ্তেইন অমৰিন্দৰ সিং পঞ্জাৱৰ মুখ্যমন্ত্ৰী হয় যদিও বাহনৰ সংখ্যাৰ কোনো পৰিৱৰ্তন নহ’ল। নিজকে সাধাৰণ মানুহ বুলি কোৱা ভগৱন্ত মানৰ কনভয়ত ৪২ খন বাহন থকাটো আচৰিত কথা।'' 

তথ্য অনুসৰি পঞ্জাৱ চৰকাৰত ২০০৭-২০১২ চনলৈ মুখ্যমন্ত্ৰীৰ কনভয়ত ৩৩খন বাহন, ২০১২-২০১৭ চনলৈ ৩৩খন বাহন, ২০১৭-২০২১ চনলৈ ৩৩খন বাহন, ২০২১-২০২২ চনলৈ ৩৯খন বাহন, ২০২২ চনত ৩৯খন বাহন আৰু এতিয়া ৪২খন বাহন অন্তৰ্ভুক্ত হৈছে বৰ্তমান চৰকাৰত অন্তৰ্ভুক্ত কৰা হৈছে।

আৰটিআইৰ অধীনত তথ্য অনুসৰি ২০২২ চনৰ ১ জুনৰ পৰা ৰাজ্যিক পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ে পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ কনভয়লৈ ৪২খন বাহন প্ৰদান কৰিছে। তথ্যত প্ৰকাশ পাইছে যে ২০০৭ চনৰ ৩১ মাৰ্চৰ পৰা ২০১২ চনৰ ৩০ মাৰ্চলৈকে প্ৰাক্তন মুখ্যমন্ত্ৰী পৰকাশ সিং বাদলৰ প্ৰথম কাৰ্যকালত এছটিচিয়ে মুখ্যমন্ত্ৰীক প্ৰদান কৰা গাড়ীৰ সংখ্যা আছিল ৩৩খন। ২০১২ চনৰ ৩১ মাৰ্চৰ পৰা ২০১৭ চনৰ ৩০ মাৰ্চলৈকে দ্বিতীয়টো কাৰ্যকালত মুখ্যমন্ত্ৰী পৰকাশ সিং বাদলৰ কনভয়ত একে সংখ্যক গাড়ী আছিল।

কংগ্ৰেছৰ বিধায়ক সুখপাল সিং খাইৰাই টুইট কৰিছে- ''আমাৰ বন্ধু ভগৱন্ত মানে ৰাজনীতিবিদক ঠাট্টা কৰিছিল যে যিসকলে অতিৰিক্ত নিৰাপত্তা বিচাৰে আৰু মানুহক ভয় কৰে, তেওঁলোকে কুকুৰাৰ ফাৰ্ম খুলিলে ভাল হ’ব। এতিয়া আমাৰ একেজন সাধাৰণ মানুহকে ৪২খন গাড়ী লাগে। এয়া এক বৃহৎ পৰিৱৰ্তন।'' 











FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?