--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

মুছফিক হুছেইনঃ অসমীয়া সংগীত জগতত বৰ্তমান বহুতো যুৱ কণ্ঠশিল্পীয়ে সংগীতৰ নতুন সোৱাদ দিবলৈ সক্ষম হৈছে আৰু শ্ৰোতা-দৰ্শকেও গানৰ এক সুন্দৰ ধাৰা উপভোগ কৰিবলৈ সক্ষম হৈছে৷ একাংশ নৱ-প্ৰজন্মৰ বৰ্তমান সৃষ্টি সঁচাকৈ লেখত ল’বলগীয়া, সেয়া লাগিলে সাহিত্য অথবা মনোৰঞ্জনেই নহওঁক কিয়! বিশেষকৈ সংগীতৰ ক্ষেত্ৰখনক আৰু এখোজ আগুৱাই নিয়াত যুৱ প্ৰজন্মৰ অৰিহণা যথেষ্ট আছে৷

শেহতীয়াকৈ যুৱ প্ৰজন্মৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী সিদ্ধাৰ্থ হাজৰিকাৰ( Siddharth Hazarika)কণ্ঠত মুক্তি পালে 'বনকুঁৱৰী' নামৰ এটা সুন্দৰ লিৰিকেল ভিডিঅ’৷ ১৬ অক্টোবৰত গীতটোৱে ইউটিউবত মুক্তি লাভ কৰাৰ পাছতে শ্ৰোতাই গীতটিৰ প্ৰতি ইতিবাচক সঁহাৰি আগবঢ়াইছে৷ গীতটোৰ কণ্ঠ, সুৰ আৰু সংগীত সিদ্ধাৰ্থ হাজৰিকাৰ৷ উল্লেখ্য যে, সিদ্ধাৰ্থ হাজৰিকাই ইয়াৰ পূৰ্বেও কেইবাটাও সুমধুৰ গীত শ্ৰোতাক উপহাৰ দিছে।

উদীয়মান কণ্ঠশিল্পী সিদ্ধাৰ্থ হাজৰিকা

অসমীয়া কেইবাখনো ছবি যেনে 'চিঞৰ', 'মিছন চাইনা', 'দূৰ', 'কেলেণ্ডাৰ', 'প্ৰিয়াৰ প্ৰিয়', 'নিজানৰ গান' আদিত গান গাইছে। 'দূৰ' চিনেমাখনৰ সংগীত পৰিচালনাও কৰিছিল সিদ্ধাৰ্থ হাজৰিকাই। উল্লেখ্য যে 'কেলেণ্ডাৰ'ত গোৱা গীতৰ বাবে তেওঁক 'প্ৰাগ চিনে এৱাৰ্ড-২০১৮'ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটাৰে সন্মানিত কৰা হৈছিল।

সিদ্ধাৰ্থ হাজৰিকাক 'প্ৰাগ চিনে এৱাৰ্ড-২০১৮'ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটাৰে সন্মানিত কৰা হৈছিল

'চিঞৰ' চিনেমাত গোৱা 'অকোৱা পকোৱা এই বাটে' শীৰ্ষক গীতটিৰ বাবে তেওঁ শ্ৰোতাৰ মাজত বিশেষ পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছিল। বনকুঁৱৰীৰ গীতৰ কথা কস্তুৰী বৰঠাকুৰৰ(Kasturi Borthakur) আৰু দৰ্শকেও বনকুঁৱৰীৰ গীতৰ কথাক লৈ প্ৰশংসাৰে উপচাই পেলাইছে৷ উল্লেখ্য যে,কস্তুৰী বৰঠাকুৰে লিখা প্ৰথম গীতটি আছিল 'টোপাল টোপাল' (Toopal Toopal)। গীতটি গাইছিল সত্যব্ৰত কলিতাই। জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতাৰ 'দৰিকা দিচাং' শীৰ্ষক বিহুসুৰীয়া গীতটিও পৰাগ লাহনৰ সৈতে দ্বৈতভাবে লিখিছিল কস্তুৰীয়ে। 'বনকুঁৱৰী' কস্তুৰী বৰঠাকুৰে লিখা তৃতীয়টো মুক্তিপ্ৰাপ্ত গীত। বনকুঁৱৰীৰ লিৰিকেল ভিডিঅ'টি প্ৰস্তুত কৰিছে অম্বৰীশ বৰকটকীয়ে।

বনকুঁৱৰী (Bonkunwori)গীতটি শুনিবলৈ ইয়াত ক্লিক কৰক

https://www.youtube.com/watch?v=ZSWDGOrmkGk
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?