--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্রিকেট ব'ৰ্ডৰ পৰা সেউজ সংকেত লাভ কৰাৰ পাছত যশপ্রীত বুমৰাহে আই পি এলত খেলাৰ ক্ষেত্ৰত কোনো বাধা নাই। মুম্বাই ইণ্ডিয়ানছৰ শিবিৰত দেওবাৰে যোগ দিলে বেগী বলাৰগৰাকীয়ে।

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে বুমৰাহ মুম্বাইৰ মূল একাদশত থকাৰ প্ৰসংগত প্রশিক্ষক মাহেলা জয়বর্ধনে কয়, 'বুমৰাহে অনুশীলন আৰম্ভ কৰিছে। বেংগালুৰুৰ বিৰুদ্ধে তেওঁ খেলিব। আগনিশা তেওঁ আহিছেহে। ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমিয়ে তেওঁক সেউজ সংকেত দিছে। আমাৰ ফিজিঅ'ই তেওঁক চোৱা-চিতা কৰিব। প্রথমদিনাই তেওঁ অনুশীলনত নমাৰ বাবে ভাল লাগিছে।' 

দেওবাৰে এটা ভিডিঅ' প্রকাশ কৰিছে মুম্বাইয়ে। উক্ত ভিডিঅ'ত বুমৰাহক দলত যোগ দিয়া দেখা গৈছে। সকলোৱে তেওঁক আদৰণি জনাইছে। বুমৰাহে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পঞ্চম টেষ্টত পিঠিৰ আঘাতত ভুগিছিল। তাৰ পাছৰ পৰাই তেওঁ খেলপথাৰৰ পৰা আঁতৰি আছিল। পৰৱৰ্তী সময়ত বুমৰাহ ৰাষ্ট্ৰীয় ক্রিকেট একাডেমিত পুনঃসংস্থাপনত ব্যস্ত হৈছিল। 

ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমিৰ পৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছত ব'ৰ্ডে বুমৰাহক আই পি এলত ভাগ লোৱাৰ ক্ষেত্রত অনুমতি প্রদান কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?