--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

মুম্বাই : মুম্বাই আৰক্ষী চকীত বৃহস্পতিবাৰে এগৰাকী বিল্ডাৰে প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিঙৰ বিৰুদ্ধে ধনদাবী, প্ৰৱঞ্চনা, জালিয়াতি আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ দিছে। অভিযোগকাৰীজনৰ মতে, প্ৰাক্তন আৰক্ষী আয়ুক্তগৰাকীয়ে এজন ডিচিপি আৰু আন চাৰিজন আৰক্ষীৰ লোকৰ সহযোগত তেওঁৰ পৰা ১৫ কোটি টকা দাবী কৰিছিল। সম্প্ৰতি গোচৰটো ‘মেৰিন ড্ৰাইভ আৰক্ষী’য়ে পঞ্জীয়ন কৰিছে। জানিব পৰা মতে, মুম্বাই আৰক্ষীৰ এজাহাৰত ৬জন আৰক্ষী বিষয়াসহ ৮জন লোকৰ নাম উল্লেখ আছে। ঘটনাটোৰ সৈতে জড়িত দুজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। উল্লেখ্য যে, চলিত বছৰৰ এপ্ৰিল মাহত আকোলাত কৰ্মৰত এগৰাকী আৰক্ষী পৰিদৰ্শকৰ অভিযোগত অধীনত মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।


মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী তথা নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) নেতা অনিল দেশমুখৰ বিৰুদ্ধে মুম্বাইৰ হোটেল, বাৰ আৰু অন্যান্য প্ৰতিষ্ঠানৰ পৰা প্ৰতিমাহে ১০০ কোটি টকা আদায় কৰিবলৈ প্ৰাক্তন আৰক্ষী বিষয়া শচীন ৱাজেক নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপন কৰিছিল এইজন পৰম বীৰ সিঙে। গোচৰৰ পৰৱৰ্তী সময়ত, অনিল দেশমুখে সকলো অভিযোগ অস্বীকাৰ কৰিছিল। কিন্তু এপ্ৰিল মাহত বোম্বাই উচ্চ ন্যায়ালয়ে চিবিআই-ক প্ৰাথমিক তদন্তৰ বাবে নিৰ্দেশ দিয়ে। চিবিআই-ৰ তত্প ৰতাৰ পাছত পদত্যাগ কৰিছিল এনচিপিৰ নেতাগৰাকীয়ে। প্ৰৱৰ্তন সঞ্চালকালয়ে বহু কোটি টকাৰ উৎকোচ তথা ধন দাবীৰ সৈতে সম্পৰ্কিত ধনৰ অবৈধ লেনদেনৰ গোচৰৰ তদন্ত চলাই আছে। কেন্দ্ৰীয় সংস্থাটোৱে শেহতীয়াকৈ দেশমুখৰ ব্যক্তিগত সচিব সঞ্জীৱ পালাণ্ডে আৰু ব্যক্তিগত সহায়ক কুন্দন ছিন্দেক মুম্বাই আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?