--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান দৌৰা-দৌৰি সময়, ব্যস্ত জীৱনশৈলী, অস্বাস্থ্যকৰ খাদ্যৰ বাবে মানুহ প্ৰায়ে মূৰৰ বিষত ভোগে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে পেইন কিলাৰ ব্যৱহাৰ কৰে। এনে ঔষধ সেৱন কৰি তাৎক্ষণিক ফল লাভ কৰে যদিও এই পেইনকিলাৰ খাই থকাটো বৰ বিপদজনক।শৰীৰত যিকোনো ধৰণৰ সৰু সমস্যা হ’লে বেছিভাগ মানুহেই পেইন কিলাৰ গ্ৰহণ আৰম্ভ কৰে। কিছুমান মানুহে কেৱল পেইনকিলাৰৰ লগতে অভ্যস্ত হৈ পৰে। এই পেইন কিলাৰে নিশ্চয়কৈ আপোনাৰ বিষ কমাই দিয়ে কিন্তু ইয়াৰ ফলত শৰীৰত আন আন বেমাৰো হ’ব পাৰে। 

বহু গৱেষণাত প্ৰমাণিত হৈছে যে প্ৰয়োজনতকৈ অধিক পেইন কিলাৰ সেৱন কৰিলে শৰীৰৰ বাবে এয়া বৰ ক্ষতিকাৰক।এই ঔষধবোৰে শৰীৰৰ অংগবোৰত প্ৰভাৱ পেলায়। হাৰ্ট এটেক বা কিডনী-লিভাৰ ফেইলৰ দৰে সমস্যা হ’ব পাৰে। এক অধ্যয়নে এই সন্দৰ্ভত সতৰ্ক কৰি দিছে। বি এম জেত প্ৰকাশিত এই গৱেষণাত কোৱা হৈছে যে মানুহ পৰাপক্ষত পেইনকিলাৰৰ পৰা দূৰত থকাই ভাল। 

এই অধ্যয়নত পেৰাচিটামলৰ বিষয়েও সদৰী কৰিছে। কোৱা হৈছে যে পেৰাচিটামল এনেকুৱা এটা ঔষধ, যিটো সাধাৰণতে প্ৰতিটো ঘৰতে পোৱা যায়। এই ঔষধটো এটা সাধাৰণভাৱে ব্যৱহৃত ঔষধ। ইয়াৰ অত্যধিক সেৱনৰ বাবে বহু সময়ত এলাৰ্জীৰ অভিযোগ উত্থাপন হয়। ইয়াৰ লগতে যকৃতৰ ক্ষতি হোৱাৰো এক বৃহৎ আশংকা থাকে। গতিকে যদি আপুনি ইয়াক অবিৰতভাৱে ব্যৱহাৰ কৰি আছে, তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?