--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিধ্বংসী ভূমিকম্পত নিহতৰ সংখ্যা ২০০০ অতিক্ৰম কৰিছে। দেশখনৰ সামৰিক নেতৃত্বই কয় যে শক্তিশালী ভূমিকম্পটোৰ পাছত সোমবাৰলৈকে ২ হাজাৰ ৫৬জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আনহাতে, ৩ হাজাৰ ৯০০তকৈও অধিক লোক আহত হোৱাৰ বিপৰীতে ২৭০জন লোক এতিয়াও সন্ধানহীন হৈ আছে। 

ম্যানমাৰৰ ৰাষ্ট্ৰীয় প্রশাসনীয় পৰিষদৰ অধ্যক্ষ জ্যেষ্ঠ জেনেৰেল মিন অংহিয়াঙে ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। এই সময়ছোৱাত জাতীয় পতাকা অর্ধনমিত কৰা হ'ব। দুৰ্ঘটনাৰ পাছত দেশখনত উদ্ধাৰ অভিযান অব্যাহত আছে। 

দেশখনলৈ আন্তঃৰাষ্ট্ৰীয় মানৱীয় সাহায্য প্ৰেৰণ কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই ম্যানমাৰৰ ভূমিকম্পক এক বৃহৎ দুর্যোগ বুলি আখ্যা দিয়াৰ লগতে এইদুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ ৮ মিলিয়ন আমেৰিকান ডলাৰৰ প্ৰয়োজন আছে বুলি প্রকাশ কৰে। সংস্থাটোৱে জনোৱা অনুসৰি, দেশখনত শৈল্য চিকিৎসাৰ সীমিত সামর্থ্যৰ বাবে সংক্ৰমণৰ আশংকা বৃদ্ধি পাইছে।

ভূমিকম্পৰ পাছত দেশখনত নানা ধৰণৰ ৰোগ বৃদ্ধি পাব বুলিও সংস্থাটোৱে শংকা প্রকাশ কৰিছে। ভূমিকম্পৰ প্ৰভাৱ নিকটৱৰ্তী দেশ থাইলেণ্ডতো পৰিছে।

থাইলেণ্ডত ১৯জন লোকৰ মৃত্যু হয়। যোৱা শুকুৰবাৰে ম্যানমাৰৰ মাণ্ডালয় চহৰত ৭ দশমিক ৭ প্রাবল্যৰ আৰু ৬ দশমিক ৭ প্রাবল্য ওপৰা-উপৰিকৈ অহা দুটাকৈ ভূমিকম্পই দেশখন জোকৰি যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?