--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাত জনমলৈ এক হৈ থাকিম বুলি হোমৰ গুৰিত সাক্ষী কৰি লৈ অনা কইনাজনীয়ে দৰাক কৰিলে প্ৰতাৰণা৷ শহুৰৰ ঘৰত কইনা প্ৰবেশ কৰাৰ পাছতেই ঘটিল অথন্তৰ৷ উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা৷ লাখ লাখ টকাৰ গহনা লৈ কইনাৰ পলায়ন৷ এতিয়া দৰাজনে থানালৈ তাত বাতি কাঢ়ি থাকিবলগীয়া হৈছে। বৰ্তমান তেওঁ কইনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে কইনাৰ সন্ধান আৰম্ভ কৰিছে।
दुल्हन की शिकायत लेकर महराजगंज पुलिस के पास पहुंचा दूल्हा
গোটেই ঘটনাটো মহাৰাজগঞ্জৰ ঘুঘলী থানা এলেকাৰ ৰামপুৰ বলদিহাৰ। ইয়াৰে বাসিন্দা মনীষৰ বিবাহ ৭ ফেব্ৰুৱাৰীত কোঠীভাৰ থানা এলেকাৰ এগৰাকী যুৱতীৰ সৈতে সম্পন্ন হয়। ১০ ফেব্ৰুৱাৰীত কইনাজনী শহুৰেকৰ ঘৰলৈ আহে। ঘৰৰ ভিৰ-ভাৰৰ বাবে দৰাৰ ভনীয়েকে নিজৰ গহনা আদি কইনাৰ কোঠাত ৰাখিছিল।

বিয়াত পত্নীক ৩.৫ লাখ টকাৰ গহনা দিছিল বুলি স্বামীয়ে জনাইছে। ইয়াৰ লগতে সেই কোঠাত প্ৰায় ২.৫ লাখ টকাৰ গহনা তেওঁৰ ভগ্নীৰ আছিল। এই সকলোবোৰ গহনা লৈ নতুন কইনা পলাই যায়। আৰক্ষীক দিয়া এজাহাৰত স্বামীয়ে লিখিছে যে ১১ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ৮ বজাত সকলোৱে ঘৰতে খাদ্যৰ ব্যৱস্থা কৰাত ব্যস্ত হৈ পৰিছিল, কইনাগৰাকীয়ে তাৰে সুযোগ গ্ৰহণ কৰি কোঠাটোত ৰখা সকলো গহনা চুৰি কৰি পলায়ন কৰে।

গোটেই নিশা কইনাগৰাকীৰ সন্ধান কৰা হয় যদিও ক’তো পোৱা নগ’ল, সেয়েহে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হয়। কইনাৰ পিতৃ-মাতৃয়েও তেওঁৰ কথা নাজানো বুলি কয়। এই ঘটনাত কইনাৰ পৰিয়ালৰ লোক জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে স্বামীয়ে।

বৰ্তমান অভিযোগৰ ভিত্তিত গোচৰ পঞ্জীয়ন কৰি অধিক ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?