--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱী অভিমুখে আহি আছে এটা বিশাল গ্ৰহাণু। এই গ্ৰহাণুই যিকোনো মুহূৰ্ততে পৃথিৱীত মাৰিব পাৰে খুন্দা। ফলত পৃথিৱীৰ হ’ব পাৰে বিস্তৰ ক্ষতি। এই সতৰ্কবাণী শুনাইছে মাৰ্কিন মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাছাই।  নাছাই সমগ্ৰ পৃথিৱীৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। এই সতৰ্কবাণী অনুসৰি অতি সোনকালেই এটা ডাঙৰ গ্ৰহাণুৱে   পৃথিৱীত খুন্দা মাৰি পৃথিৱীৰ বিস্তৰ ক্ষতিসাধন কৰিব পাৰে।  এই গ্ৰহাণুৰ নাম ‘Apollo MG 1’। ইয়াৰ দৈৰ্ঘ্য এখন বয়িং ৭৬৭ বিমানৰ সমান আৰু ইয়াৰ ওজন বহুগুণে বেছি। নাছাৰ তথ্য অনুসৰি প্ৰায় ২২০ ফুট দীঘল এই গ্ৰহাণুটোৱে  মহাকাশত প্ৰতি ঘণ্টাত ৭৩ হাজাৰ কিলোমিটাৰ বেগত গতি কৰি পৃথিৱীৰ ফালে আহি  আছে।

নাছাৰ মতে, ২০২৪ চনৰ ২১ জুলাইত অৰ্থাৎ  আজি এই গ্ৰহাণুটোৱে পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব  পাৰে। ভাৰতীয় সময় অনুসৰি  ২২ জুলাইৰ পুৱা ৩:১০ বজাত গ্ৰহাণুটোৱে পৃথিৱীৰ নিচেই কাষ  চপাৰ সম্ভাৱনা আছে। এই গ্ৰহাণুটো  পৃথিৱীৰ পৰা প্ৰায় ৪২ লাখ কিলোমিটাৰ দূৰৰ  পৰা পৃথিৱীৰ ফালে আহি আছে। এই গ্ৰহাণুটোৰ নামকৰণ কৰা হৈছে এপ’ল’ মহাকাশযানৰ নামেৰে। এই গ্ৰহাণুৱে  পৃথিৱীত খুন্দা মাৰি ধ্বংসলীলাৰ সৃষ্টি কৰিব পাৰে যদিও পৃথিৱীৰ কোনটো অংশত খুন্দা মাৰিব সেয়া নিশ্চিত কৰা নাই নাছাই।

একে সময়তে নাছাৰ বিজ্ঞানীসকলে কয় যে যেতিয়া গ্ৰহাণুৱে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে তেতিয়া ২০১৩ চনত চেলিয়াবিনস্কৰ অগ্নিকাণ্ডৰ দৰে ধ্বংসলীলাৰ সৃষ্টি  হ’ব পাৰে। ২০১৩ চনৰ ১৫ ফেব্ৰুৱাৰীত ৰাছিয়াৰ দক্ষিণ উৰাল অঞ্চলত অৱস্থিত এই চহৰখনত বৃহৎ উল্কাপিণ্ডৰ খুন্দাত জুই লাগিছিল। যদিও এপ’ল’ এম জি ১-এ পৃথিৱীত খুন্দা মৰাৰ সম্ভাৱনা ক্ষীণ, তথাপিও নাছাৰ বিজ্ঞানীসকলে ইয়াৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। নাছাৰ বিজ্ঞানীসকলে ৰাডাৰ ব্যৱস্থা আৰু টেলিস্কোপৰ সহায়ত গ্ৰহাণুটোৰ তথ্য লাভ কৰিছে। এই গ্ৰহাণুটোর গতি বিবেচনা কৰিলে ইয়াৰ পথ সলনি হোৱাৰ সম্ভাৱনা আছে বুলিও নাছাৰ বিজ্ঞানীসকলে মন্তব্য কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?