--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেডাৰেল ৰিপাব্লিক অব নাইজেৰিয়াৰ ৰাজধানী আবুজাত নাইজেৰিয়াৰ চৰকাৰে অনুষ্ঠিত কৰা আৰু ১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি প্ৰদৰ্শন হ’ল অধ্যাপক -পৰিচালক ৰাজেন দাসৰ পৰিচালিত অসমৰ চলচ্চিত্ৰ “আইৰন গাৰ্লছ“৷ অসমৰ স্বৰ্ণিল লোককলা দেওধনী আৰু ওজাপালিক বিশ্বজনীন প্ৰসাৰৰ বাবে পৰিচালক ৰাজেন দাসে নিৰ্মাণ কৰা “আইৰন গাৰ্লছ“এ আবুজাৰ মাল্টিপ্লেক্স চলচ্চিত্ৰগৃহ চিলভাৰ বাৰ্ড চিনেমাত প্ৰদৰ্শন হোৱাৰ লগে লগে কাৰ্যত অসমৰ লোকসংস্কৃতিয়ে আৰু চলচ্চিত্ৰই আফ্ৰিকা মহাদেশত এক নতুন দুৱাৰ মুকলি কৰিলে৷প্ৰদৰ্শনৰ সময়ত ছবিগৃহত উপস্থিত থকা বিশ্বৰ বিভিন্ন দেশৰ চলচ্চিত্ৰ নিৰ্মাতা,ফিল্ম কৰ্প’ৰেচনৰ মুৰব্বী আৰু চলচ্চিত্ৰ সমালোচকে আইৰন গাৰ্লছক প্ৰশংসা কৰাৰ লগতে অসমৰ লোকসংস্কৃতিৰ বিষয়ে জানিব পাৰি আপ্লুত হৈ পৰে৷

আইৰন গাৰ্লছৰ প্ৰদৰ্শনত উপস্থিত থাকে আবুজাত থকা ভাৰতীয় দূতাবাসৰ দুগৰাকীকৈ প্ৰট’কল বিষয়া৷ আনহাতে আবুজাৰ হাই ক’মিচন অব ইণ্ডিয়াত পৰিচালক ৰাজেন দাসৰ সতে হোৱা এক সৌজন্যমূলক বৈঠকত ভাৰতীয় উচ্চায়ুক্ত জি বালাসুব্ৰমণিয়ামে পৰিচালক ৰাজেন দাসৰ লোকসংস্কৃতি বিষয়ৰ চলচ্চিত্ৰ যাত্ৰাৰ শলাগ লয় আৰু অভিনন্দন জনায়৷ উল্লেখযোগ্য যে “আইৰন গাৰ্লছ“ৰ গ্ৰেণ্ড আফ্ৰিকান প্ৰিমিয়াৰৰ লগতে পৰিচালক ৰাজেন দাসক নাইজেৰিয়ান চৰকাৰৰ কেন্দ্ৰীয় ফিল্ম ক’ৰ্পৰেচনে এক বিশেষ সন্মান প্ৰদান কৰে৷

নাইজেৰিয়ান চৰকাৰৰ কেন্দ্ৰীয় তথ্য আৰু সাংস্কৃতিক মন্ত্ৰ্যালয় তথা কেন্দ্ৰীয় ফিল্ম কৰ্প’ৰেচনৰ উদ্যোগত আয়োজিত এই জুমা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত “আইৰন গাৰ্লছ“ৰ পৰিচালক ৰাজেন দাসক পেনেলিষ্টৰ আসনত অধীনস্থ কৰে৷ মহোৎসৱ উপলক্ষে আয়োজিত “ডিজিটেল নৱজাগৰণঃআমাৰ ভবিষ্যৎ“ বিষয়ক এক উচ্চোপৰ্যায়ৰ শীৰ্ষ সন্মিলনত পেনেলিষ্টৰ আসনৰ পৰা পৰিচালক ৰাজেন দাসে বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতা,মুৰব্বী তথা দৰ্শকৰ সল্মুখত  অসমৰ লোকসংস্কৃতিৰ বিশ্বজনীন আবেদন,প্ৰসাৰ আৰু স্বীকৃতিৰ ওপৰত এক বক্তৃতা  প্ৰদান কৰে৷ 

অসমৰ লোকসংস্কৃতিৰ বিষয়ে জানিব পাৰি বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিনিধি অভিভূত হৈ পৰে৷আনহাতে আজি জুমা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ এক অংশ হিচাপে নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি ভৱনত এক সন্মিলন অনুষ্ঠিত  হয় যত বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিনিধিক সম্বোধন কৰে নাইজেৰিয়াৰ ফাৰ্ষ্ট লেডী,কেন্দ্ৰীয় আৰ্ট,কালচাৰ এণ্ড টুৰিজিম মন্ত্ৰ্যালয়ৰ মন্ত্ৰী বেৰিষ্টাৰ হানাটু মুছা মুছাৱা,নাইজেৰিয়ান ফিল্ম ক’ৰ্পৰেচনৰ সঞ্চালক আলী নুহু, ৰাজিক মন্ত্ৰী মাৰিয়া মেহমুদে৷ 

এই সন্মিলনত ভাৰতৰ তৰফৰ পৰা পৰিচালক ৰাজেন দাসে অংশ গ্ৰহণ কৰে৷পৰিচালক ৰাজেন দাসে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী হানাটু মুছা মুছাৱাক অসমীয়া গামোছা পিন্ধাই সাংস্কৃতিক মত বিনিময় কৰে৷উল্লেখ্য যে আফ্ৰিকা মহাদেশৰ সৰ্ববৃহৎ তথা নাইজেৰিয়া চৰকাৰৰ এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত “আইৰন গাৰ্লছ“প্ৰদৰ্শনৰ লগে লগে কাৰ্যত আফ্ৰিকা মহাদেশত অসমীয়া চলচ্চিত্ৰৰ তথা অসমৰ  লোককলাৰ এক নতুন দুৱাৰ মুকলি হ’ল৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?