--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এশ শতাংশ সুস্থ নথকাৰ বাবে চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম তিনিখন মেচত ইমপেক্ট খেলুৱৈৰূপে কেবল ইনিংছ মুকলি কৰা ৰাজস্থান ৰয়েলছৰ সঞ্জু ছেমছনে কাইলৈ পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলিব লগা মেচখনত পুনৰ দলক নেতৃত্ব দিব৷ উল্লেখ্য যে আই পি এল-২০২৫ ৰ কাইলৈ নিশা জ্জ.৩০ বজাত আৰ আৰ আৰু পি বি কে এছৰ মাজত হ’বলগা মেচখন চণ্ডিগড়ৰ মুল্লানপুৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ এয়া ৰয়েলছৰ চতুৰ্থ মেচ৷

প্ৰথম দুখন মেচত ব্যৰ্থ হোৱা দলটোৱে গুৱাহাটীত খেলা অন্তিম ঘৰুৱা মেচখনত চি এছ কে দলক পৰাস্ত কৰি আত্মবিশ্বাসৰে কাইলৈৰ মেচখনত অধিনায়ক সঞ্জুৰ নেতৃত্বত খেলিবলৈ সাজু হৈছে৷ ইয়াৰপূৰ্বে হায়দৰাবাদ আৰু গুৱাহাটীত খেলা উভয় মেচত সঞ্জুৰ অনুপস্থিতিত ৰয়েলছক নেতৃত্ব দিছিল অসম সন্তান তথা দলৰ নিৰ্ভৰযোগ্য বেটাৰ ৰিয়ান পৰাগে৷

নেতৃত্বৰ দায়িত্বলৈ প্ৰত্যাৱৰ্তন কৰি আজি সংবাদমেলত সঞ্জুৱে কয় যে যোৱা তিনিখন মেচত তেওঁ যি ৰূপত খেলিলে সেয়া কেৰিয়াৰৰ প্ৰথম অভিজ্ঞতা৷ আনহাতে, পূৰ্বে উইকেটৰক্ষক, অধিনায়ক তথা তিনি নম্বৰ স্থানত বেটিং কৰাৰ পাছত এইবাৰ ইনিংছ মুকলিৰ দায়িত্ব দলে দিয়া বিষয়ৰ প্ৰশ্নৰ উত্তৰত ছেমছনে কয় ‘প্ৰতিখন আই পি এলে মোক নতুন কিবা এটা শিকাৰ সুযোগ দিছে৷ সেয়ে মই নতুন দায়িত্ব লৈয়ো সুখী৷’

ইফালে, এইবাৰ ৰয়েলছে বাটলাৰ-বৌল্টৰ দৰে বিদেশী তাৰকাক হেৰুৱাই দুৰ্বল হোৱা প্ৰসংগৰ উত্তৰত সঞ্জুৱে কয় ‘ছানৰাইজাৰ্ছ আৰু কে কে আৰৰ বিৰুদ্ধে খেলা মেচত আমি ভাল প্ৰদৰ্শন কৰি পৰাস্ত হৈছিলো৷ দুই-এটা দুৰ্বলতা দেখাও গৈছিল ব্যৰ্থতাৰ পৰ্যালোচনা কৰাত৷ কিন্তু চি এছ কেৰ বিৰুদ্ধে জয়লাভ কৰাৰ পাছত এয়া পৰিস্ফুট হৈছে যে দলটো এতিয়া সম্পূৰ্ণৰূপে ভাৰসাম্য৷ আনহাতে, আই পি এলত পৰিকল্পনাৰে দল গঠন কৰাটো সকলোৰে সমস্যা৷ তিনি বছৰত সাল-সলনি কৰাটো বাধ্যতামুলক৷’

কাইলৈৰ মেচক লৈ সঞ্জুৱে কয় যে ঘৰত খেলিলে ঘৰুৱা দলটোৱে সুবিধা লাভ কৰে৷ সেয়ে টছ গুৰুত্বপূৰ্ণ হ’ব৷ কিন্তু প্ৰতিখন মেচৰ জয়ৰ নিৰ্দিষ্ট সমিকৰণ হ’ল বিপক্ষতকৈ এক ৰাণ বেছি কৰা৷ ইফালে, প্ৰথম তিনিখন মেচত অপেনাৰ যশস্বী জয়ছোৱালৰ ব্যৰ্থতাৰ উত্তৰ দি অধিনায়কজনে কয় ‘নেটত তেওঁ থিকে কৰি আছে৷ আই পি এল প্ৰত্যাহ্বানৰ খেল৷ অপেনাৰৰ দায়িত্ব দলক সুন্দৰ আৰম্ভনি দিয়া৷ সেয়া বাস্তবায়িত কৰিবলৈ যোৱাত ভুল শ্বটে উইকেটৰ পতন ঘটায়৷ যশস্বীৰ লগতো সেয়াই হৈছে৷ তেওঁ সফল প্ৰত্যাৱৰ্তন কৰিব৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?