--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰঙালাও ভাৰতীয় পাকঘৰত এক জনপ্ৰিয় পাচলি। ৰঙালাওৰ বাকলি আৰু গুটিও বৰ উপকাৰী। আপুনি জানেনে যে ৰঙালাও সুস্বাদু হোৱাৰ লগতে পুষ্টিকৰ উপাদানৰে সমৃদ্ধ।কাৰণ ইয়াত ভিটামিন বি,ভিটামিন এ আৰু বহুতো পুষ্টিকৰ উপাদান থাকে। ইয়াৰ প্ৰভাৱ শীতল। যাৰ বাবে গ্ৰীষ্মকালত ইয়াক সেৱন কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী। জানো আহক ৰঙালাও খোৱাৰ উপকাৰ কি কি?

ৰঙালাও খোৱাৰ উপকাৰিতা-

১) হৃদৰোগ নাইকিয়া হৈ যায়ঃ ৰঙালাও সেৱনে হৃদৰোগৰ সম্ভাৱনা কম কৰাত সহায় কৰে। ইয়াত ভাল পৰিমাণৰ ফাইবাৰ আৰু পটাছিয়াম থাকে যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াত থকা এণ্টিঅক্সিডেণ্টে শৰীৰত কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখে। যদি আপুনি দৈনিক ৰঙালাও সেৱন কৰে, তেন্তে হাৰ্ট এটেকৰ সম্ভাৱনা কম হ’ব পাৰে।

২) ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ পৰেঃ ৰঙালাওত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায়ক। সেয়েহে যদি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয় তেন্তে ৰঙালাও সেৱন কৰা উচিত। কাৰণ ইয়াত বিটা কেৰটিন থাকে যিয়ে আপোনাক বহু ৰোগৰ পৰাও পৰিত্ৰাণ কৰাত সহায় কৰে। সেইবাবেই ৰঙালাও দৈনিক খোৱা উচিত।

৩) শৰীৰ হাইড্ৰেটেড হৈ থাকেঃ গ্ৰীষ্মকালত বেছিভাগ মানুহৰ শৰীৰত পানীৰ অভাৱ দেখা যায়। এনে পৰিস্থিতিত এই সমস্যাৰ পৰা হাত সাৰিবলৈ ৰঙালাও খোৱাটো উপকাৰী। কাৰণ ইয়াৰ ৯০ শতাংশ পানীৰে ভৰি থাকে।

৪) ওজন হ্ৰাস কৰেঃ যদি আপুনি ওজন কমাব বিচাৰে তেন্তে খাদ্যত ৰঙালাও অন্তৰ্ভুক্ত কৰক। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে। ইয়াত কেলৰি কম পৰিমাণত থাকে, যাৰ ফলত ওজন কমোৱাত সহায় হয়।

৫) কেন্সাৰ প্ৰতিৰোধী গুণঃ ৰঙালাও খালে কেন্সাৰত আক্ৰান্ত হোৱাৰ আশংকা বহু পৰিমাণে কমি যায় বুলি এক বৈজ্ঞানিক সমীক্ষাত প্ৰকাশ। ৰঙালাওত এনেকুৱা কিছুমান পদাৰ্থ পোৱা যায়, যিবিলাকে দেহত কেন্সাৰৰ কোষৰ গঠন আৰু বৰ্ধনত বিশেষ ৰুপে বাধা প্ৰদান কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?