--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কণ্ঠশিল্পী শতাব্দী বৰাক হয়তো আপোনাৰো মনত আছে । জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সৈতে সংগীত পৰিৱেশন কৰি অসমবাসীৰ হৃদয় জয় কৰিছিল কণ্ঠশিল্পী শতাব্দী বৰাই।অসমৰ বাহিৰেও দেশৰ ভিন্ন। প্ৰান্তত গীত পৰিৱেশন কৰি সকলোৰে মন মুহিছে শতাব্দীয়ে।

কিন্তু এইবাৰৰ ৰঙালী বিহুৰ মঞ্চত শতাব্দী বৰাই জুবিন গাৰ্গৰ সৈতে একেলগে  গীত পৰিৱেশন নকৰাৰ সিদ্ধান্ত লৈছে।সামাজিক মাধ্যমযোগে এই কথা জনালে কণ্ঠশিল্পী শতাব্দী বৰাই।

কণ্ঠশিল্পী শতাব্দী বৰাই সামাজিক মাধ্যমত এইদৰে লিখিছে- "নমস্কাৰ অসমবাসী ৰাইজ, মই শতাব্দী বৰা। সৰুৰে পৰা মই সংগীত জগতখনৰ লগত জড়িত। ষষ্ঠ শ্ৰেণীৰে পৰা মই মঞ্চত গীত পৰিৱেশন কৰি আহিছোঁ। ২০১৫ৰ পৰা ২০২৫ চনলৈকে অসম ৰত্ন জুবিন গাৰ্গ দাদাৰ লগত মঞ্চত একেলগে গীত পৰিৱেশন কৰি আহিছোঁ। জুবিন দাদাৰ লগত থাকোঁতেই মই কেইবাখনো অসমীয়া চলচ্চিত্ৰ (মিছন ছাইনা, আণ্ডাৰ ৱৰ্ল্ড, ৰত্নাকৰ)ত কণ্ঠদান কৰাৰ সুযোগ লাভ কৰিছিলোঁ। যোৱা দহ বছৰে মই তেওঁৰ লগত অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ বিভিন্ন দৰ্শকৰ মাজত গীত পৰিৱেশন কৰি বহুত অভিজ্ঞতা বুটলিলোঁ । অৱশ্যে মাজে মাজে মই অকলশৰীয়াকৈয়ো অসমৰ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰিছিলোঁ। আপোনালোকে মোৰ গীতসমূহকো বহুত মৰমেৰে আদৰি লৈছে। সেয়েহে মই এইবাৰ আপোনালোকৰ আশিস সাৰোগত কৰি অকলশৰীয়াকৈয়ে বিহু মঞ্চৰ বাবে সাজু হৈছোঁ। প্ৰস্তুতি প্ৰায় শেষ হৈছে। মোক বিহু মঞ্চৰ বাবে যোগাযোগৰ নম্বৰ ... ৷

মই কণ্ঠদান কৰা গীতসমূহ- সঁচাকে কোৱা কথাটি কোৱা, মিছন ছাইনাৰ মেৰʼমায়া লাই, সপোনতে আহি, ভাল পাওঁ বুলি কোৱানা, অ' আকাশ, জাকৈ ইত্যাদি। আশা কৰিছোঁ এইবাৰ বিহু মঞ্চত লগ পাম ৷এই আশাৰে...

আপোনালোকৰ মৰমৰ শতাব্দী বৰা"

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?