--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰখন পৰিষ্কাৰকৈ ৰখাৰ পাছতো কিছুমান মানুহৰ ঘৰত নিগনিয়ে চলায় উপদ্ৰৱ। কীটনাশক বা পেষ্ট কণ্ট্ৰ’ল চাৰ্ভিচৰ সহায়ত এন্দুৰ, নিগনিৰ পৰা পৰিত্ৰাণ পাব পাৰি। কিন্তু এইবোৰত নানা ধৰণৰ কেমিকেল মিহলি কৰা থাকে। ইয়াৰ নিয়মিত ব্যৱহাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক।

ঘৰত নিগনি থাকিলে মানুহৰ বৰ অশান্তি হয়। নিগনি অনিষ্টকাৰী প্ৰাণী। ঘৰৰ বিভিন্ন কাপোৰ-কানি, কাগজ-পত্ৰ আৰু মূল্যৱান বস্তু কুটি ই নষ্ট কৰে। কেৱল এয়াই নহয়, এন্দুৰ নিগনিয়ে বহুতো লেতেৰা, দূষিত ঠাই ঘুৰি-ফুৰি ৰোগৰ বীজাণু লগত কঢ়িয়াই আনে। নিগনি পিটপিটাই দৌৰি ফুৰা দেখিলে মানুহৰ মনত ঘিণভাৱো জাগে৷ সেয়েহে, এন্দুৰ, নিগনিক বাসগৃহৰ পৰা উলিয়াই দিয়াটো উচিত।  গতিকে ঘৰুৱা উপায়েৰে কেনেকৈ নিগনি খেদিব জানি লওক৷


১) লঙৰ গোন্ধ আৰু সোৱাদ এন্দুৰ, নিগনিৰ বাবে অত্যন্ত অস্বস্তিকৰ। কেইটামান লং সৰু সৰু কাপোৰত মেৰিয়াই ঘৰৰ বিভিন্ন কোণত ৰাখক। নিগনি পলাব৷

২) তুলা বা কপাহৰ সৰু সৰু বল বনাই পদিনা পাতৰ ৰসত ডুবাই ঘৰৰ বিভিন্ন স্থানত ৰাখক। পদিনাৰ গোন্ধ নিগনি, এন্দুৰে সহ্য কৰিব নোৱাৰে। এনে কৰিলে নিগনিয়ে আপোনাৰ ঘৰ এৰিব।

৩) তেজপাতেও নিগনি আঁতৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। কিয়নো ইয়াৰ সুবাস তীব্ৰ। গতিকে ইয়াক ঘৰৰ এন্দুৰ, নিগনি প্ৰৱেশ কৰা বাটসমূহত তেজপাত ৰাখিব পাৰে। 

৪) এন্দুৰ, নিগনিক ঘৰৰ পৰা বাহিৰ কৰাৰ আটাইতকৈ সহজ উপায় হ'ল মানুহৰ চুলি। সাধাৰণতে, এন্দুৰ,নিগনিৰ চকুত মানুহৰ চুলি দৃশ্যমান নহয় আৰু সিহঁতে সেইবোৰ গিলি দিয়াত অসুবিধাৰ সৃষ্টি হয়। সেয়েহে, এন্দুৰ, নিগনিৰ গাঁতৰ কাষত চুলি থৈ দিব পাৰে। এনে সমস্যা পালে নিগনিয়ে ঘৰ এৰি গুচি যায়। 

৫) ৰাতি ঘৰৰ বিভিন্ন ঠাইত যথেষ্ট পৰিমাণে বেকিং পাউদাৰ ৰাখক। নিগনি পলাই যাব।

৬) পদিনাৰ পাত কেইটামান থেতেলিয়াই লৈ নিগনি অহা- যোৱা কৰা গাঁতৰ সন্মুখত থৈ দিব।

৭) ঘৰৰ পৰা এন্দুৰ, নিগনি দূৰ কৰিবলৈ ৰঙা জলকীয়া ব্যৱহাৰ কৰিব পাৰে। এন্দুৰ, নিগনিয়ে উপদ্ৰৱ চলোৱা ঠাইসমূহত অলপ ৰঙা জলকীয়া কাটি ছটিয়াই থৈ দিয়ক। ইয়াৰ ফলত এন্দুৰ, নিগনিবোৰ পলাই যাব। কিয়নো ৰঙা জলকীয়াৰ ফলত এন্দুৰ, নিগনিৰ উশাহ-নিশাহৰ সমস্যা হয়। কেৱল নিগনি, এন্দুৰেই নহয়, বিভিন্ন পোকো দূৰ হ’ব।

৮) পিঁয়াজৰ গোন্ধ এন্দুৰে সহ্য কৰিব নোৱাৰে। গতিকে যি ঠাইত এন্দুৰৰ উপদ্ৰৱ বেছি,সেই ঠাইত ৰাখি পিঁয়াজ কাটি থৈ দিয়ক।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?