ডিজিটেল ডেস্কঃ নিজ বাসগৃহত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ নিথৰ দেহ। ৩২ বছৰ বয়সতে শেষ হৈ গ’ল এটি প্ৰতিভা।
কানাড়া চিনেমা আৰু টেলিভিছন জগতৰ জনপ্ৰিয় অভিনেত্ৰী শোভিতা শিৱান্নাৰ (Shobitha Shivanna) ৰহস্যজনক মৃত্যুৱে জোকাৰিছে বিনোদন জগত। তেলেংগানাৰ গাচিবৌলি জিলাৰ কোণ্ডাপুৰ অঞ্চলৰ ঘৰৰ পৰা উদ্ধাৰ হয় শোভিতাৰ মৃতদেহ। চিপ লৈ উলমি থকা অৱস্থাত উদ্ধাৰ শোভিতা শিৱান্না।

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তৰ অন্তত এয়া আত্মহত্যা বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যে শোভিতাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গান্ধী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মৃত্যুৰ কাৰণ স্পষ্ট হ’ব।
১৯৯২ চনৰ ২৩ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা শোভিতাৰ সৰুৰে পৰা মনোৰঞ্জন আৰু শিল্পৰ জগতখনৰ প্ৰতি আকৃষ্ট হৈছিল। বাল্ডউইন গাৰ্লছ হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত শোভিতাই নেচনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজিত ফেশ্বন ডিজাইনিং অধ্যয়ন কৰিছিল।

২০১৫ চনত কানাড়া ছবি ‘ৰঙী তৰানা’ৰ জৰিয়তে অভিনয় জগতত খোজ পেলাইছিল শোভিতাই। ইয়াৰ পাছতেই ‘ইউ টাৰ্ণ’, ‘কে জি এফ চেপ্টাৰ ৱান’ আৰু ‘কে জি এফ চেপ্টাৰ টু’কে ধৰি কেইবাখনো কানাড়া ছবিত অভিনয় কৰি উজলি উঠিছিল অভিনেত্ৰীগৰাকী। ‘এৰাডোণ্ডালা মুৰু’, ‘জেকপট’ আৰু ‘অন্ধ কাথে হেলা’ আদি ছবিৰ লগতে টিভি ধাৰাবাহিক ‘গলিপাতা’, ‘মংগলা গৌৰী’, ‘কোগিলে’, ‘কৃষ্ণ ৰুক্মিণী’ত অভিনয় কৰিও প্ৰতিভাৰ পৰিচয় দিছিল শোভিতাই।
শোভিতাৰ মৃত্যুৱে কানাড়া মনোৰঞ্জন জগতখনক শোকস্তব্ধ কৰি তুলিছে। দুখত ভাগি পৰিছে অনুৰাগীসকল।