--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
সময়ৰ ডেউকাত উঠি উৰি আহিল পুনৰ এটা নতুন বর্ষ। কিছু আশা, কিছু সপোন, কিছু হেঁপাহৰ মুঠি মুঠি ৰং আমাৰ জীৱনত ছটিয়াই দিলেহি এই নতুন সময়ে। পুৰণিক বিদায় জনোৱাৰ ক্ষণ বৰ কষ্টদায়ক। তথাপি প্ৰকৃতিৰ নিয়ম মানি নতুনক আদৰাটোৱেই যে অৱধাৰিত নিয়ম। 

We must all obey the great law of change.
This is the most powerful law of nature. -Edmund Burke

সঁচাকৈয়ে প্ৰকৃতিৰ এই শক্তিশালী নিয়ম মানিবলৈ আমি বাধ্য। প্ৰকৃতিৰ পৰিৱৰ্তনৰ এই শক্তিশালী নিয়মেই আমাক শিকাই যায় নতুনক আঁকোৱালি লোৱা...নতুনক আদৰি লোৱা। বেলিৰ পোহৰ একেই আছে, একেদৰেই ফুলিছে ফুল, বলিছে বতাহ...সময়ৰ চক্ৰবৎ গতিত মাথোঁ সলনি হ'ল চন আৰু কেলেণ্ডাৰখন।

সময়ৰ পৰিৱৰ্তন এক প্রাকৃতিক নিয়ম। পৃথিৱীৰ এয়াই সত্য ৰূপ। ইয়াক বাধা দিব নোৱাৰি। সময়ৰ চেকুৰত সকলো সলনি হয়। আজি যি নতুন, কাইলৈ সেয়াই হ'ব পুৰণি। নতুনৰ আগমন আৰু পুৰণিৰ প্ৰস্থানতেই পৰিচালিত হয় পৃথিৱীৰ গতিশীল যাত্রা। ‘২০২৫’ নামৰ এটা নতুন বৰ্ষই আঁকোৱালি ল'লে আমাক। আমিও নতুন সময়ক আদৰণি জনাই কৈছোঁ ‘স্বাগতম ২০২৫’। 

আজি যিহেতু নতুন দিন, সেয়ে পুৰণি সকলো কথা একাষৰীয়াকৈ ৰাখি কথা পাতিম কেৱল নতুনৰ... |
'নৱবর্ষ'— এই শব্দটোৱেই ইমান কোমল যে শুনিলেই কলিজা জুৰ পৰে। নতুন নতুন গোন্ধ চৌপাশে ওপঙি থাকে বতাহত। পোহৰ-সন্ধানী বাট এটাই আমাক হাত বাউলি মাতি থাকে, যি বাটেৰে আগুৱাই গ'লে আমি দেখা পাম যেন নিজক উন্মোচন কৰা পোহৰৰ ফল্গুধাৰা। নতুন সময়ে আমাক সজীৱ কৰে। নতুন সময়ে ন ন প্রতিশ্ৰুতিৰে বিগত বছৰৰ আধৰুৱা কামবোৰ নতুন বছৰত সম্পূৰ্ণ কৰিবই লাগিব বুলি আমাক প্ৰেৰণা যোগায়। অতীতৰ পৃষ্ঠা খোলাৰ পৰা বিৰত থাকো আহক। বৰ্তমানৰ পৃষ্ঠাত নতুন কথাবোৰ লিখি ভৰুণ কৰিম জীৱনক। নতুনত্বই মানুহৰ জীৱনলৈ উৎফুল্লতা কঢ়িয়াই আনে। উদ্যম জগাই তোলে, কাৰণ নতুন শব্দটোতেই আছে এক শিহৰণ। 

নতুন সকলো বস্তুৱেই মানুহৰ ভাল লাগে। নতুনে সহজে মানুহক আকৰ্ষণ কৰে। সেয়ে নতুন বছৰটো আকর্ষণীয় কৰি তোলাৰ দায়িত্ব আমি নিজেই ল'ব লাগিব। আশা, প্রত্যাশা, হেঁপাহ, সপোন, মৰম-ভালপোৱাৰ এধানি এধানি ৰং ছটিয়াই আমি জীৱনটো সজাব লাগিব। এই যে আমি আকৌ এটা নতুন বছৰ আমাৰ মাজত পালো সেয়া ঈশ্বৰৰ আশীৰ্বাদ। জীৱন জীয়াবলৈ পুনৰ এটা নতুন বছৰ আমাক উপহাৰ দিলে সময়ে। এই আশীর্বাদ উপহাৰৰ সঠিক মূল্যায়ন কৰিবলৈ আহক আমি জীৱনৰ দুৰ্ঘোৰ প্ৰেমিক হওঁ, প্রাণভৰি ভালপাওঁ জীৱনক। জীৱনটোক পৰিপূর্ণভাবে উপভোগ কৰিব পাৰিলে সুখ-দুখ, হাঁহি-কান্দোন, প্রাপ্তি-অপ্ৰাপ্তি নিজেই গৌণ হৈ ধৰা দিব। জীৱন ধুনীয়া বুলি ভাবিব পাৰিলেই পৃথিৱীখনো ধুনীয়া হৈ দুচকুত ধৰা দিব।

নৱবৰ্ষত মানুহে ইজনে সিজনৰ সুখ, শান্তি, সমৃদ্ধিৰ কামনা কৰি উত্তৰণৰ চিন্তা কৰি শুভেচ্ছা জনায়। নতুন সময়ৰ শুভেচ্ছা জ্ঞাপন কৰাটো নৱবৰ্ষৰ অবিচ্ছেদ্য অংগ। এইবাৰ আহকচোন নৱবৰ্ষৰ এই নৱপ্রভাতত আনৰ লগতে আমি নিজকো শুভেচ্ছা জনাওঁ সকলোৰে প্ৰতি শুভ চিন্তা, সদ্ভাৱ, ভালপোৱা, আন্তৰিকতা ৰাখি সমাজত প্ৰেমৰ বীজ সিঁচিম। নিজক জীয়াই ৰাখি আনৰ বাবেও জীয়াবলৈ চেষ্টা কৰিম। ভালবোৰ বিলাই দিম যিমান পাৰি সিমান। নিজেও ভালে থাকিম, আনকো ভালে ৰাখিম। নিজ জাতি-মাটি, ভাষা ভালপোৱা হিচাপে নিজক গঢ়িম... মুঠতে আমি ধুনীয়া পৃথিৱীখনক কুশলে ৰাখিম।

শুভ নৱবর্ষ-২০২৫

কস্তুৰী বৰঠাকুৰ



FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?