--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: প্ৰেম সুন্দৰ; প্ৰেম অনন্য;প্ৰেমে নামানে বয়স, উচ্চ-নীচৰ ভেদাভেদ৷ এই প্ৰেমৰ মায়াজালত পৰি ৭ সাগৰ ১৩নদী পাৰ হৈ বিদেশৰ বোৱাৰী হৈছিল বলীউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা৷ ২০১৯ চনৰ ১ ডিচেম্বৰত অগ্নিক সাক্ষী কৰি চিৰদিনৰ বাবে এক হৈছিল নিক জ’নাছ আৰু প্ৰিয়ংকা চোপ্ৰা৷ তাৰ পাছত নিকতকৈ ১০ বছৰ ডাঙৰ ডেচী গাৰ্ল প্ৰিয়ংকাৰ বৈবাহিক জীৱনৰ কথা বিভিন্ন মহলত চৰ্চা লাভ কৰিছিল৷ সঘনাই ইনষ্টাগ্ৰামত টোলপাৰ লগাইছিল৷ কিন্তু অলপতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল এটি খবৰ৷ আৰু এই খবৰে সকলোকে হতবাক কৰি তুলিছিল৷ এই খবৰ আছিল অন্ত পৰিব প্ৰিয়ংকা আৰু নিকৰ বৈবাহিক জীৱন৷ আনকি অভিনেত্ৰীগৰাকীৰ ইনষ্টাগ্ৰাম হেণ্ডেলাৰৰ পৰা উঠাই দিয়া হৈছিল জ’নাছ উপাধিও৷

বিয়পোৱা খবৰ অনুসৰি, বিবাহ বিচ্ছেদ কৰিব এই দুই চেলিব্ৰিটীয়ে৷ অৱশেষত বহু উৎকণ্ঠাৰ পাছত এটি ইনষ্টাগ্ৰাম পোষ্টৰে দি গ’ল এক সুখৰ বাৰ্তা৷ দি চেলিব্ৰিটী দম্পতীৰ আনন্দৰ খবৰ৷ প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছে বিবাহ বিচ্ছেদৰ খবৰ উৰাবাতৰি বুলি অবিহিত কৰে। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ চোপ্ৰা আৰু তেওঁৰ স্বামী নিক জ’নাছৰ মাজত সকলো ঠিকে আছে৷

আনকি তেওঁৰ হেণ্ডেলাৰ পৰা জ’নাছ উপাধি উঠাই দিয়াৰ প্ৰসংগটো কয়, দম্পতীটোৰ বিভাজনৰ বিষয়ে ছ’চিয়েল মিডিয়াত জল্পনা-কল্পনা আৰম্ভ হৈছিল। সেয়া সম্পূৰ্ণ ভুৱা বাতৰি বুলিও অবিহিত কৰে তেওঁ৷ দম্পতীটোৱে আনকি সংবাদ মাধ্যমক কটাক্ষ কৰি কয় যে, এই উৰা বাতৰি বিয়পাই নিদিবলৈ অনুৰোধ জনোৱা হ’ল৷ অভিনেত্ৰীগৰাকীয়ে কয়, ‘আমি সদায় এক আছিলো৷ এক হৈ থাকিম৷ নিকৰ প্ৰতি মোৰ ভালপোৱা অফুৰন্ত৷’

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?