--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিমপাত আমাৰ অতি চিনাকি৷ ইয়াৰ সোৱাদ তিতা যদিও ইয়াৰ আছে নানা উপকাৰী গুণ। বহু মানুহে নিমপাত ভাজি খাবলৈ ভাল পায় আৰু বহু মানুহে তিতা সোৱাদটোৰ বাবে খাবলৈ বেয়া পায়। 

মানুহৰ দেহত ছালৰ বেমাৰ হʼলে যেনে খৰ-খজুৱতি, ফোঁহা হʼলে ইয়াক নিৰাময় কৰিবৰ বাবে নিমপাত ব্যৱহাৰ কৰা হয়। নিমগছে বায়ু বিশুদ্ধ কৰি ৰখাতো সহায় কৰে। নিমপাতত আছে বহুতো ঔষধিক গুণ।  আহকচোন জানো নিম পাতে আমাক কিমান উপকাৰ কৰে। 

নিমপাতৰ ১০ টা শাৰীৰিক উপকাৰ

১. ডায়েবেটিছ ৰোগীয়ে যদি নিয়মিতভাৱে নিমপাত খাবলৈ আৰম্ভ কৰে তেনেহʼলে কিছু সকাহ পাব।

২. নিমপাত উতলাই সেই পানীৰে গা ধুলে চৰ্ম ৰোগৰ নিৰাময় পোৱা যায়। 

৩.  নিমপাত খালে তেজত উৎপন্ন হোৱা বীজাণু ধ্বংস হয়। যাৰ ফলত তেজ পৰিস্কাৰ হয় আৰু কিছু কিছু বেমাৰৰ পৰাও পৰিত্ৰাণ পোৱা যায়।

৪. নিমপাতৰ ডালেৰে দাঁত ঘঁহিলে দাঁতৰ বিষ, মুখৰ দুৰ্গন্ধ, হালধীয়া দাগ আদি সমস্যাবোৰ দূৰ হয়। 

৫. অত্যধিক জ্বৰৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি নিমপাতৰ চাহ খাব পাৰে। 

৬. ৰাতিপুৱা শুই উঠি নিয়মিতভাৱে খালী পেটত নিমপাত খালে পেটৰ বিষ আৰু গেছৰ অসুবিধা দূৰ হয়। 
৭. শৰীৰৰ কোনো অংশত যদি আপোনাক জুইয়ে পোৰে তেনেহʼলে নিমপাত পিহি জুইয়ে পোৰা অংশত লগাই দিয়ে তেতিয়া সোনকালে শুকাই যায়। 

৮. বিষাক্ত কীট পতংগ‌ই কামুৰিলেও সেই ঠাইত নিমপাত পিহি লগালে বিষ সোনকালে ভাল হৈ যায়।

৯. নিমপাত ব্যৱহাৰ কৰি চুলিৰ বহুতো সমস্যা দূৰ কৰিব পাৰি। চুলি সৰা, চুলিৰ উফিৰ সমস্যা আদি। নিমপাতে চুলি মজবুত কৰাতো সহায় কৰে। 

১০. মেলেৰিয়া হʼলেও নিমপাত খালে সু-ফল পোৱা যায়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?