--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতেই নিশা পলমকৈ আহাৰ গ্ৰহণ কৰে। স্বাস্থ্য বিজ্ঞানীসকলৰ মতে এয়া মুঠেও স্বাস্থ্যসন্মত কথা নহয়। নিশা পলমকৈ আহাৰ গ্ৰহণ কৰাৰ ফলত হ’ব পাৰে মাৰাত্মক স্বাস্থ্যজনিত সমস্যা। বিশেষকৈ নিশা পলমকৈ  চৰ্বি বা চেনিৰে ভৰপূৰ গধুৰ  আহাৰ গ্ৰহণ নকৰিবলৈ  স্বাস্থ্য বিশেষজ্ঞসকলে  সতৰ্ক কৰি আহিছে।স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে সপ্তাহত কমেও ৪ দিন বিচনালৈ যোৱাৰ কমেও ৩ ঘণ্টাৰ ভিতৰত খাদ্য গ্ৰহণ কৰিলে কলৰেক্টাল কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

 এটা নতুন অধ্যয়নত গৱেষকসকলে কেন্সাৰৰ পৰীক্ষাৰ বাবে কলনস্কপি কৰা ৬৬৪ জন লোকৰ পৰীক্ষাৰ অন্তত বিশেষজ্ঞসকলে তেনে সিদ্ধান্তত উপনীত হৈছে।  অধ্যয়নটোত ৪২% লোকে নিশা দেৰিকৈ আহাৰ খোৱা লোক। তেওঁলোকৰ  কলন’স্কপিৰ সময়ত পোৱা গৈছিল  এডিন’মা – এটা  ক্ষত –  ইয়াৰ পৰাই কেন্সাৰ হোৱাৰ সম্ভাৱনা ৪৬% বৃদ্ধি পায়। বিশেষজ্ঞসকলে  সেয়ে নিশা পলমকৈ আহাৰ গ্ৰহণৰ পৰা বিৰত থকাৰ পৰামৰ্শৰ  দিয়াৰ লগতে ৰেড মীট নাখাবলৈ, ফল-মূল আৰু শাক-পাচলি বেছিকৈ খাবলৈ কৈছে। 

টিউবলাৰ এডিন'মা হৈছে বৃহদান্ত্ৰত পোৱা কলৰেক্টাল কেন্সাৰ।  মানুহৰ মগজুত অৱস্থিত কেন্দ্ৰীয় চাৰ্কেডিয়ান কেন্দ্ৰই   ৰাতি টোপনি অহাৰ বাবে মেলাটনিন মুক্ত কৰে । তাৰ পৰিৱৰ্তে দেৰিকৈ  আহাৰ খালে  “পেৰিফেৰেল চাৰ্কেডিয়ান ৰিদম”ত বিসংগতি ঘটে। এগৰাকী গৱেষক ব্ৰাগানিনিয়ে কয়, “ মোৰ বহু ৰোগীয়ে মোক কৈছে যে যেতিয়া তেওঁলোকে নিশা পলমকৈ  খাদ্য খায়, তেতিয়া তেওঁলোকে সদায় স্বাস্থ্যকৰ খাদ্যৰ বাছনি নকৰে। তেওঁলোকৰ নিশাৰ খাদ্যৰ ভিতৰত সাধাৰণতে চেনি আৰু চৰ্বিৰ পৰিমাণ বেছি হয়। ইয়াৰ ফলত তেওঁলোকে শৰীৰে প্ৰয়োজনতকৈ বহু বেছি কেলৰি লাভ কৰে। ।গতিকে গভীৰ নিশা খাদ্য গ্ৰহণ কৰিলে অবাঞ্চিত ওজন বৃদ্ধি হ’ব পাৰে। খাদ্য হজমৰ ক্ষেত্ৰতো বাধা আহি পৰিব পাৰে। ” 

আমাৰ পাকস্থলীত থকা  কিছুমান ক্ষুদ্ৰ অণুজীৱৰ নিজস্ব আভ্যন্তৰীণ ঘড়ী থাকে,  যিয়ে দৈনিক এক নিৰ্দিষ্ট ছন্দ অনুসৰণ কৰে ।  আমি  যি খাও সেই কথাই  নিৰ্ধাৰণ কৰে এই অণুজীৱবোৰ  কিমান  সক্ৰিয় হৈ থাকিব।  ব্ৰগাগনিনিয়ে কয় ' যদি  নিশা পলমকৈ খোৱা  খাদ্য চেনি আৰু চৰ্বিযুক্ত খাদ্য হয় , তেন্তে আমাৰ  মাইক্ৰ'বায়'মত নেতিবাচক প্ৰভাৱ পেলাব পৰে আৰু ইয়াৰ ফলত কেন্সাৰৰ সম্ভাৱনাও বৃদ্ধি পায়।'  অৱশ্যে এই গৱেষণাই খুৱ কম সংখ্যক লোককহে সামৰি লৈছে। গতিকে গৱেষণাৰ সঠিক ফলাফল পাবলৈ আৰু অধিক পৰ্যালোচনাৰ  প্ৰয়োজন আছে বুলি বহুতে কৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?