--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

টকিঅ’ : কোভিডসৃষ্ট পৰিৱেশে বিশ্বত অৰ্থনৈতিক, সামাজিক সংকটৰ সৃষ্টি কৰাই নহয়, ই মানসিক অৱসাদগ্ৰস্ততাৰো সৃষ্টি কৰিছে বিভিন্ন দেশত। জাপানৰ দৰে উন্নত দেশত কোভিডৰ বাবে শেহতীয়াকৈ আত্মহত্যাৰ ঘটনা বৃদ্ধি পাইছে। ‘জাপান টাইমছ’ত প্ৰকাশিত বাতৰি মতে যোৱা ১১বছৰৰ ভিতৰত মহামাৰীৰ সময়ছোৱাত দেশখনত আত্মহত্যাৰ হাৰ সৰ্বাধিক হৈছে। এনে পৰিস্থিতিত দেশখনত প্ৰথমবাৰৰ বাবে নিযুক্তি দিয়া হৈছে ‘নিসংগতা মন্ত্ৰী’।

আৰু পঢ়িব পাৰিব :অসম-নাগালেণ্ড সীমান্তত পুনৰ নগাৰ আগ্ৰাসন, পাহাৰ জ্বলালে নগাই

এই মাহৰ প্ৰথমাৰ্ধতে দেশখনৰ প্ৰধানমন্ত্ৰী য়োশ্বিহিডে ছুগাই তেওঁৰ কেবিনেটত নিসংগতা মন্ত্ৰীৰ সংযোজন ঘটাইছে। উল্লেখ্য যে বিশ্বৰ ভিতৰত প্ৰথমবাৰৰ বাবে ইংলেণ্ডত এই মন্ত্ৰীপদৰ সৃষ্টি কৰা হৈছিল আৰু তাকেই অনুসৰণ কৰি জাপানেও নিসংগতা মন্ত্ৰী পদত নিযুক্তি দিছে। টেটছুছী শ্বাকামোটোৰ কান্ধত এই নতুন দায়িত্ব ন্যস্ত কৰা হৈছে। দেশখনৰ হ্ৰাস পাই অহা জন্মৰ হাৰ নিয়ন্ত্ৰণ আৰু ঘৰুৱা অৰ্থনীতি আদিৰ দৰে দায়িত্বত ন্যস্ত হৈ থকা মন্ত্ৰী শ্বাৰামোটোই নিসংগতা দপ্তৰো চম্ভালিব।

আৰু পঢ়িব পাৰিব : পুনৰ অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী, ১৮৮ কোটিটকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন

এই দায়িত্ব লাভৰ পাছত প্ৰথমখন সংবাদ মেল সম্বোধন কৰি তেওঁ কয় যে, প্ৰধানমন্ত্ৰী য়োশ্বিহিডে ছুগাই মহামাৰীৰ সময়ত মহিলাৰ আত্মহত্যাৰ হাৰ বৃদ্ধিকে ধৰি এই সম্পৰ্কীয় ৰাষ্ট্ৰীয় বিষয়ৰ সৈতে মোকাবিলাৰ বাবে তেওঁক নিযুক্তি দিছে। সংবাদ প্ৰতিষ্ঠান চিএনএনত লগতে উল্লেখ কৰিছে যে, এই সমস্যাৰ সৈতে মোকাবিলা কৰাৰ বাবে এটা কাৰ্যকৰী পৰিকল্পনা প্ৰস্তুতৰ দায়িত্ব মন্ত্ৰীগৰাকীৰ ওপৰত ন্যস্ত কৰিছে দেশখনৰ প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, সামাজিক নিসংগতা আৰু বিচ্ছিন্নতা দূৰ কৰা তথা মানুহৰ মাজৰ সম্পৰ্কক অটুট ৰখাৰ বাবে এক কাৰ্যসূচী গ্ৰহণ কৰা সম্পৰ্কত মই আশাবাদী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?