--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীত বিধানসভা নিৰ্বাচনৰ পূৰ্বে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও প্ৰকল্প আৰম্ভ কৰে। তাৰে এটা হ’ল সংঘ পৰিয়ালৰ পথপ্ৰদৰ্শক বিনায়ক দামোদৰ সাৱৰকাৰৰ নামেৰে নামাকৰণ কৰা এখন মহাবিদ্যালয়ৰ শিলন্যাস কাৰ্যসূচী সমাপন কৰে। এইলৈ সৰৱ হৈ পৰিছে কংগ্ৰেছ।

শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ জে জে ক্লাষ্টাৰত দিল্লীবাসীৰ বাবে ১৬৭৫টা নতুনকৈ নিৰ্মিত ফ্লেটৰো শুভ উদ্বোধন কৰে। নতুন বিশ্ব বাণিজ্য সংস্থাৰ কেন্দ্ৰ উদ্বোধন কৰি দিল্লীৰ উন্নয়নৰ ঐতিহাসিক দিন বুলি উল্লেখ কৰে প্ৰধনমন্ত্ৰী মোদীয়ে৷ এনে সময়তে সাৱৰকাৰৰ নামেৰে বিশ্ববিদ্যালয়ৰ আধাৰশিলাক লৈ  সৃষ্টি হৈছে ৰাজনৈতিক দণ্ডৰ।
 
দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়খনৰ নাম প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নামেৰে নামাকৰণ কৰিবলৈ দাবী জনাই কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইয়ে প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ অৰ্থনীতিবিদ তথা প্ৰক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থকা অৱস্থাত সমগ্ৰ দেশতে কেইবাখনো শিক্ষানুষ্ঠান নিৰ্মাণ কৰিছে সেয়ে দিল্লীৰ নতুন মহাবিদ্যালয়খনৰ নাম তেওঁৰ নামেৰে ৰখা উচিত বুলি যুক্তি প্ৰদৰ্শণ কৰিছে। দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সাচদেৱে কংগ্ৰেছক প্ৰত্যুত্তৰ দি কয় যে বীৰ সাৱৰকাৰ আছিল এজন স্বাধীনতা সংগ্ৰামী। চিন্তাবিদক অসন্মান কৰাটো কংগ্ৰেছৰ অভ্যাস বুলি কটাক্ষ কৰে৷ 

প্ৰসংগক্ৰমে ফেব্ৰুৱাৰী মাহত দিল্লীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা যদিও নিৰ্বাচন আয়োগে এই পৰ্যন্ত ঘোষণা কৰা নাই। ৬ জানুৱাৰীলৈ ভোটাৰ তালিকা সংশোধন আৰু সংশোধনৰ কাম চলি থাকিব বুলি সদৰি কৰিছে। ইয়াৰ পিছতে ভোটদানৰ সময়সূচী ঘোষণা কৰা হ’ব। 

নিৰ্বাচনৰ পূৰ্বে মোদীক বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী উদ্বোধন কৰাৰ সুযোগ দিয়াৰ বাবে নিৰ্বাচনৰ তাৰিখ ঘোষণাত পলম হোৱা বুলি অভিযোগ উত্থাপন কৰিছে একাংশ বিৰোধীয়ে। ইয়াৰ উপৰিও দিল্লীক মেৰুকৰণৰ স্বাৰ্থত উগ্ৰ হিন্দুত্ববাদক সামাজিকভাৱে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে বুলিও দাবী কৰিছে কংগ্ৰেছে। সেই উদ্দেশ্যেই দিল্লীৰ ভোটৰ সন্মুখত সাৱৰকাৰৰ নামত মহাবিদ্যালয় নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰ বুলি সৰৱ হৈ পৰিছে কংগ্ৰেছ৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?