--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

In Short

  • পুনৰ আৰক্ষীৰ খাকী পোছাকত ক'লা দাগ। এইবাৰ নুনমাটি আৰক্ষীৰ পোছাকত লাগিল হত্যাৰ দাগ। যুৱতী অপহৰণত অভিযুক্ত যুৱকক মৰিয়াই হত্যাৰ অভিযোগ পৰিয়ালৰ। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে নুনমাটি থানাত। এই লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে

ডিজিটেল ডেস্কঃ পুনৰ আৰক্ষীৰ খাকী পোছাকত ক'লা দাগ। এইবাৰ নুনমাটি আৰক্ষীৰ পোছাকত লাগিল হত্যাৰ দাগ। যুৱতী অপহৰণত অভিযুক্ত যুৱকক মৰিয়াই হত্যাৰ অভিযোগ পৰিয়ালৰ। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে নুনমাটি থানাত। এই লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।


উল্লেখ্য যে, মহানগৰী নাৰেংগীৰ কলিতাকুছি গোৰখা পথৰ বাসিন্দা অৰ্জুন শৰ্মাই (২৬) ওচৰৰ জুপিতৰা কুমাৰ নামৰ এগৰাকী যুৱতীৰ লগত দীৰ্ঘদনীয়া প্ৰেমৰ সম্পৰ্ক আছিল। বিবাহপাশত আবদ্ধ হবলৈ ৬ জুন শুকুৰবাৰে ঘৰৰ পৰা দুয়ো পলাই যায়। ঘটনা সন্দৰ্ভত যুৱতী গৰাকীৰ পিতৃয়ে নুনমাটি থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ওদালগুৰিত অভিযান চলাই যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।


অভিযোগ অনুসৰি মঙলবাৰে যুৱক অৰ্জুন শৰ্মাক পৰিয়ালে নুনমাটি থানাত অসুস্থ অৱস্থাত প্ৰত্যক্ষ কৰি তেওঁক চিকিৎসা সেৱা কৰিবলৈ আৰক্ষীক অনুৰোধ জনায়। আজি পুৱাৰ ভাগত নুনমাতি কেন্দ্ৰীয় কাৰাগাৰত অৰ্জুনৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে পৰিয়ালক অৱগত কৰে । যুৱকজনৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰি পৰিয়ালৰ লোক হতভম্ব হৈ পৰে। অৰ্জুনক নুনমাটি আৰক্ষীয়ে যুৱতীগৰাকীৰ পিতৃৰ পৰা পাঁচ লাখ টকা লৈ যুৱক জনক হত্যা কৰা হৈছে বুলি অভিযোগ কৰে। ইতিমধ্যে সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰি শীৰ্ষ আৰক্ষীৰ ওচৰত দাবী জনাইছে মৃত অৰ্জুন শৰ্মাৰ পৰিয়ালে।


উল্লেখ্য যে, যুৱতীগৰাকীৰ পিতৃ ৰবীন চন্দ্ৰ কুমাৰে ফোন যোগে ৫ লাখ টকা আৰক্ষীক আদায় দি অৰ্জুনক হত্যা কৰা হ'ব বুলি পৰিয়ালক ভাবুকি দিছিল। ইতিমধ্যে এই কল ৰেকৰ্ডিং সংবাদ মাধ্যমৰ আগত অৰ্জুনৰ পৰিয়ালে যোগান ধৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?