--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

In Short

  • সমগ্ৰ উত্তৰ ভাৰত প্রচণ্ড গ্রীষ্ম প্ৰৱাহৰ কবলত পৰিছে। উত্তৰ ভাৰতৰ ৬খন ৰাজ্য ক্রমে ৰাজস্থান, হাৰিয়ানা, উত্তৰ প্ৰদেশ, মধ্য প্রদেশ, দিল্লী আৰু উত্তৰ প্ৰদেশৰ ১৮খন মহানগৰৰ তাপমাত্রা ৪৫ ডিগ্রী চেলছিয়াছৰ অধিক হৈছে

ডিজিটেল ডেস্কঃ সমগ্ৰ উত্তৰ ভাৰত প্রচণ্ড গ্রীষ্ম প্ৰৱাহৰ কবলত পৰিছে। উত্তৰ ভাৰতৰ ৬খন ৰাজ্য ক্রমে ৰাজস্থান, হাৰিয়ানা, উত্তৰ প্ৰদেশ, মধ্য প্রদেশ, দিল্লী আৰু উত্তৰ প্ৰদেশৰ ১৮খন মহানগৰৰ তাপমাত্রা ৪৫ ডিগ্রী চেলছিয়াছৰ অধিক হৈছে। দেশৰ ভিতৰত সৰ্বাধিক গৰম পৰিছে ৰাজস্থানৰ শ্ৰীগংগানগৰত। শ্রীগংগানগৰত কালি সর্বোচ্চ তাপমাত্রা ৪৭.৩ ডিগ্রী চেলছিয়াছ আছিল।


ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল, পঞ্জাব, হাৰিয়ানা, ৰাজস্থান, মধ্য প্রদেশ আৰু উত্তৰ প্ৰদেশৰ অধিকাংশ অঞ্চল প্রচণ্ড গ্রীষ্ম প্ৰৱাহৰ কবলত পৰিব বুলি সতৰ্ক কৰি দিয়ে।


এই ৰাজ্যকেইখনত অহা দুদিন প্রচণ্ড গৰমে জনসাধাৰণক জলা-কলা খুওৱাৰ আশংকা কৰা হৈছে। ৰাজধানী দিল্লীৰ অধিকাংশ অঞ্চলতে কালি সর্বোচ্চ তাপমাত্রা ৪৫ ডিগ্রী চেলছিয়াছৰ কাষ চাপে। 


আই এম ডিয়ে প্রকাশ কৰা তথ্য মতে, দিল্লীৰ ৰিজ অঞ্চলত সর্বোচ্চ তাপমাত্রা ৪৪.৯ ডিগ্রী চেলছিয়াছ আছিল। ইয়াৰ উপৰি ছফদৰজঙত ৪৩.৪ ডিগ্রী, পালমত ৪৪.৩ ডিগ্রী চেলছিয়াছ, আয়া নগৰত ৪৫.৩ ডিগ্রী চেলছিয়াছ আছিল। আই এম ডিৰ মতে দিল্লীত বৃহস্পতিবাৰলৈকে সর্বোচ্চ তাপমাত্রা ৪৪-৪৫ ডিগ্রী চেলছিয়াছৰ ভিতৰত থাকিব। 


ৰাজস্থানত গ্রীষ্ম প্রৱাহে সর্বাধিক প্ৰভাৱিত কৰিছে জৈছলমেৰ, বাড়মেৰ, যোধপুৰ, পালীৰ দৰে পশ্চিমৰ জিলাসমূহক। 


আনহাতে হাৰিয়ানাৰ ছিৰছাত সোমবাৰে সর্বোচ্চ তাপমাত্রা ৪৬.৪ ৬.৪ ডিগ্রী চেলছিয়াছ আছিল। ৰাজ্যখনৰ ছয়খন জিলাত তাপমাত্রা ৪৪ ডিগ্রী চেলছিয়াছৰ অধিক হৈছে। উত্তৰ প্ৰদেশৰ ঝান্সীত সর্বাধিক গৰম পৰিছে। ঝান্সীত মঙলবাৰে বিয়লি ১ বজাত তাপমাত্রা আছিল ৪৪ ডিগ্রী চেলছিয়াছ। বাৰাণসীত তাপমাত্রা ৪৩.৮ ডিগ্রী হৈছে। কাশী বিশ্বনাথ মন্দিৰ দৰ্শনৰ বাবে অহা ভক্তসকলক অ' আৰ এছ দিয়াৰ ব্যৱস্থা কৰা হৈছে। পঞ্জাবো গ্রীষ্ম প্ৰৱাহৰ কবলত পৰিছে। ৰাজ্যখনত তাপমাত্রা স্বাভাৱিক অৱস্থাতকৈ ৩.৮ ডিগ্রীতকৈ অধিক হৈছে। হিমাচল প্ৰদেশৰ চাৰিখন জিলাত গ্রীষ্ম প্ৰৱাহ চলি আছে আৰু সর্বোচ্চ তাপমাত্রা ৪০ ডিগ্রীতকৈ অধিক হৈছে। মধ্য প্রদেশৰ ভূপাল, ইন্দোৰ আৰু উজ্জয়িনীসহ কেইবাখনো জিলাত গ্ৰীষ্ম প্ৰৱাহৰ সতৰ্কতা জাৰি কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
প্ৰচণ্ড ৰ’দতো শৰীৰত নপৰিব গৰমৰ প্ৰভাৱ, কিদৰে ল'ব স্বাস্থ্যৰ যতন
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?