--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানত মঙলবাৰে নিশা চলোৱা অভিযানৰ পাছতো অব্যাহত আছে অপাৰেশ্যন সিন্দূৰ।  অৰ্থাৎ, অভিযান এতিয়াও শেষ হোৱা নাই।

ইফালে কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে বি এছ এফ, চি আৰ পি এফ, আই টি বি টি, এছ এছ বি আৰু চি আই এছ এফকে ধৰি সকলো অর্ধসামৰিক বাহিনীৰ জোৱানৰ ছুটী বাতিল কৰা হৈছে। গৃহ মন্ত্ৰালয়ে দিয়া নির্দেশটোত অর্ধসামৰিক বাহিনীৰ জোৱানসকলক সতর্কতাৰে কৰ্তব্যত উপস্থিত থাকিবলৈ আৰু সীমামূৰীয়া স্থানসমূহত সর্বাধিক উপস্থিতিৰ বিষয়ে কোৱা হৈছে। জম্মু আৰু কাশ্মীৰ, পঞ্জাব, বিমান বন্দৰ, মেট্ৰ' আৰু স্পৰ্শকাতৰ প্ৰতিষ্ঠানসমূহত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

ইফালে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে আজি পাকিস্তান আৰু নেপালৰ সীমান্তৱৰ্তী ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-ৰাজ্যপালসকলৰ সৈতে আলোচনা কৰে। বৈঠকত ৰাজ্যসমূহক অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱা যোগান অব্যাহত ৰাখিবলৈ আৰু যিকোনো পৰিস্থিতিৰ সৈতে এছ ডি আৰ এফ, অসামৰিক প্ৰতিৰক্ষা, হ'মগার্ড আৰু এন চি চিৰ দৰে উদ্ধাৰ আৰু সাহায্যকাৰী বাহিনীসমূহক এলার্ট হৈ থকাৰ নিৰ্দেশ দিয়া হয়। ইয়াৰ লগতে সামাজিক মাধ্যমতো ৰাষ্ট্ৰ-বিৰোধী প্ৰচাৰৰ প্ৰতি সতর্ক দৃষ্টি ৰাখিবলৈ কোৱা হৈছে। পাকিস্তানী নেতাসকলে ভাৰতত আক্ৰমণ নকৰাৰ ইংগিত দিলেও দেশত সতর্কতা অব্যাহত আছে।

ইয়াৰ অধীনত বুধবাৰে কেইবাখনো ৰাজ্যৰ প্ৰায় ১৮টা বিমান বন্দৰত বিমানৰ উৰণ বন্ধ ঘোষণা কৰা হয়। ইয়াৰ লগতে বিমানৰ প্রায় ৪৩০টা উৰণ বাতিল কৰা হয়। ইফালে পাকিস্তানত ভাৰতৰ আক্রমণত নিহত হোৱা সন্ত্রাসবাদীৰ জানাজাত দেশখনৰ সেনা বাহিনী তথা আৰক্ষীৰ লোককো উপস্থিত থকা দেখা গৈছে।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?