--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱাৰ ভাগত মহাৰাষ্ট্ৰৰ অস্ত্ৰ কাৰখানাত এক ভয়াবহ বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণে ইয়াৰ আশে-পাশে থকা অঞ্চলতো প্ৰভাৱিত কৰে। পুৱা প্ৰায় ১১ বজাত মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী, স্বাস্থ্যকৰ্মী আৰু উদ্ধাৰকাৰী দল উপস্থিত হয়। স্থানীয় লোকেও এই উদ্ধাৰ অভিযানত সহযোগ কৰিছে বুলি জানিব পৰা গৈছে। এই পৰ্যন্ত এজন লোকৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে। আৰু বহুলোক হতাহত হোৱাৰ আশংকা কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি শুকুৰবাৰে পুৱা প্ৰায় ১০:৩০ বজাত নাগপুৰৰ সমীপৰ জৱাহৰ নগৰৰ অস্ত্ৰ কাৰখানাত এক বিস্ফোৰণ সংঘটিত হয়।বিস্ফোৰণৰ ফলত সমগ্ৰ অঞ্চলটো কঁপি উঠিছিল।স্থানীয় লোকে দাবী কৰিছে যে বিস্ফোৰণৰ শব্দ ঘটনাস্থলীৰ পৰা পাঁচ কিলোমিটাৰ দূৰলৈ লৈ বিয়পি পৰে।

ভাণ্ডাৰা জিলা দণ্ডাধীশ সঞ্জয় কলটে জনোৱা মতে, বিস্ফোৰণৰ কিছু সময়ৰ ভিতৰতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। বিস্ফোৰণৰ ফলত কাৰখানাৰ চাড ভাঙি পৰাত। ইয়াৰ তলত কমেও ১৪ জন শ্ৰমিকক আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। এই পৰ্যন্ত দুজনক উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। বাকী কেইগৰাকীৰ ধ্বংসাৱশেষৰ পৰা উলিয়াই অনাৰ প্ৰচেষ্টা অব্যাহত আছে। অৱশ্যে ইয়াৰে কিমানজন জীৱিত অৱস্থাত আছে নে নাই সেয়া এতিয়াও অস্পষ্ট হৈ আছে।

কাৰখানা কৰ্তৃপক্ষই জনোৱা মতে, বিস্ফোৰণৰ সময়ত কাৰখানাৰ ভিতৰত ১৪ জন শ্ৰমিক আছিল। ইয়াৰে দুজনক উলিয়াই অনা হৈছে। আৰু এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।এতিয়া আবদ্ধ হৈ থকা বাকী শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?