--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ১৮টা পুৰাণৰ ভিতৰত গড়ুৰ পুৰাণক মহাপুৰাণ বুলি গণ্য কৰা হয়। গড়ুৰ পুৰাণত জীৱন-মৃত্যুৰ চক্ৰৰ বিষয়ে অতি বিশদভাৱে বাখ্যা কৰা হৈছে। এই পুৰাণৰ মতে প্ৰতিটো জীৱৰে জন্ম-মৃত্যুৰ সময় প্ৰথমৰ পৰাই নিৰ্ধাৰিত থাকে। সেয়েহে কেতিয়াবা মৃত্যু স্বাভাৱিক হয়, যেনে-বাৰ্ধক্যৰ বাবে মৃত্যু, দীৰ্ঘদিনীয়া বেমাৰৰ পাছত হোৱা মৃত্যু ইত্যাদি। কিন্তু বহু সময়ত দুৰ্ঘটনা, আত্মহত্যাৰ বাবেই এজন ব্যক্তিয়ে নিজৰ জীৱন সম্পূৰ্ণ নকৰাকৈয়ে এই পৃথিৱী এৰি যায়। এনে মৃত্যুক অকাল মৃত্যু বোলা হয়। গড়ুৰ পুৰাণত অকাল মৃত্যুৰ লক্ষণ আৰু কাৰণ বিষয়েও ব্যাখ্যা কৰা হৈছে।

এজন ব্যক্তিৰ জীৱন ৪ ভাগত বিভক্ত - শিশুকাল, কৈশোৰ, প্ৰাপ্তবয়স্ক আৰু বাৰ্ধক্য। কিন্তু বহু সময়ত বিভিন্ন কাৰণত জীৱনৰ দ্বিতীয় বা তৃতীয় পৰ্যায়ত এই পৃথিৱীৰ পৰা আঁতৰি যায়। যেতিয়া কোনো ব্যক্তিয়ে আত্মহত্যা কৰি নিজৰ মৃত্যুক আঁকোৱালি লয় তেতিয়া ইয়াক অকাল মৃত্যু বুলি কোৱা হয়। এনে ব্যক্তিৰ আত্মাই মৃত্যুৰ পাছত পৰলোকত বিচৰণ কৰি থাকে আৰু নিজৰ নিয়তিৰ জীৱন সম্পূৰ্ণ কৰিবলৈ অপেক্ষা কৰি থাকে। অৰ্থাৎ শৰীৰৰ পৰা ওলাই যোৱাৰ পাছতো মানুহৰ আত্মাই এই সংসাৰ এৰি নাযায় আৰু নতুন দেহো নাপায়। 

মৃত্যুৰ কথা ক’লে অকাল মৃত্যুৰ ভিতৰত আত্মহত্যাক আটাইতকৈ ঘৃণনীয় আৰু নিন্দনীয় কাণ্ড বুলি গণ্য কৰা হয়। ঈশ্বৰে এজন ব্যক্তিক দিয়া জীৱন সম্পূৰ্ণ নকৰাকৈ পৰলোক এৰি যাবলৈ চেষ্টা কৰাটো অতি নিন্দনীয়। যদি স্বাভাৱিকতে অকাল মৃত্যু ঘটে তেন্তে এনে মৃতকৰ আত্মাই নূন্যতম ৩দিনৰ ভিতৰত বা সৰ্বাধিক ৪০দিনৰ ভিতৰত আন এটা শৰীৰ লাভ কৰে। কিন্তু আত্মহত্যা কৰা মানুহৰ আত্মাই পৃথিৱীত বিচৰণ কৰি থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?