--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ সিন্ধান্তক শলাগ লয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰী আৰু মন্ত্রী-বিধায়কৰ বাবে নৱবৰ্ষত পিতৃ-মাতৃ, শহুৰ-শাহু তথা আত্মীয়ৰ সৈতে সময় অতিবাহিত কৰিবলৈ চৰকাৰে ছুটীৰ ব্যৱস্থা কৰাৰ এক সিদ্ধান্ত লয়। এই সিদ্ধান্তক আদৰণি জনাই অকলশৰীয়া মাতৃৰ কাষত এদিন কটালে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে।

চৰকাৰী বিষয়া-কৰ্মচাৰীক দুদিনৰ বাবে চৰকাৰে দিয়া ছুটীত বোকাখাতৰ মাতৃৰ কাষলৈ গৈ শিক্ষামন্ত্ৰী পেগুৱে ছুটীৰ সদব্যৱহাৰ কৰে। মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে নিশা আহি বোকাখাতৰ নিজগৃহত উপস্থিত হয়। বোকাখাতৰ গৃহত অকলশৰে থকা মাতৃৰ লগত আজি দিনটো কটালে। চৰকাৰে নতুনকৈ যুগুত কৰা এই সিন্ধান্তত পঞ্চমুখ হৈ মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক শ’লাগ জনায়।


আনহাতে, অনাগত দিনত শিক্ষকৰ চাকৰিৰ বাবে নিকা পদ্ধতিৰে টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে। আগন্তুক দিনত টেট পৰীক্ষা অনুষ্ঠিত কৰা হ’ব চালনীৰে পানী নসৰকা নিয়মৰে, কঠোৰ হ’ব শিক্ষা বিভাগ। কোনো বিষয়া-কৰ্মচাৰীয়ে টেটত বিসংগতি কৰিলে ৰেহাই দিয়া নহ’ব। গতিকে ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ অনুশীলন কৰক। শিক্ষকৰ চাকৰিৰ বাবে মেধাৰ ভিত্তিতহে চাকৰি লাভ কৰিব। বিশেষ টেট পৰীক্ষাত উত্তীৰ্ণ হৈ থকিলেও চাকৰি নাপাব পাৰে, প্ৰাৰ্থীসকলৰ প্ৰাপ্তিৰ নম্বৰৰ ভিত্তিতহে চাকৰি লাভ কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে শিক্ষামন্ত্রীগৰাকীয়ে। লগতে কয় যে ক’ভিডৰ তৃতীয় ঢৌৰ বাবে শিক্ষানুষ্ঠানসমূহ আংশিক বন্ধ ঘোষণা কৰা হৈছে যদিও এদিন এৰি এদিন অফলাইন আৰু অনলাইনত পাঠদান চলাই থাকিব পাৰিব। ক’ভিডক লৈ চৰকাৰে জাৰি কৰা এছঅ’পি মানি চলিবলৈ আৰু ভেকচিন গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় শিক্ষামন্ত্রী ডাঃ পেগুৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?