--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : ক’ভিড সংক্ৰমণৰ ভয়াৱহতাৰ মাজতে দেশৰ বিভিন্ন আগশাৰীৰ চিকিৎসালয়ত অক্সিজেনৰ নাটনিয়ে সৃষ্টি কৰিছে অভূতপূৰ্ব পৰিস্থিতিৰ। দিল্লী-মহাৰাষ্ট্ৰত এই সংকট হৈ পৰিছে অতি ভয়ংকৰ। দিল্লীৰ ‘জয়পুৰ গোল্ডেন হাস্পতাল’ত কালি নিশা অক্সিজেন অভাৱত মৃত্যু হয় কমেও ২৫জন কৰ’না আক্ৰান্তৰ।

আৰু পঢ়িব পাৰিব: ক’ভিডৰ পৰা হাত সাৰি যোৱা নাই পৃথিৱীৰ সৰ্বোচ্চ শৃংগও…

চিকিৎসালয় কৰ্তৃপক্ষৰ এগৰাকী শীৰ্ষ বিষয়াই দেশৰ ৰাজধানীত থকা হাস্পতালখনৰ এই শোচনীয় অৱস্থাৰ কথা প্ৰকাশ কৰিছে। চিকিৎসাত ব্যৱহৃত অক্সিজেনৰ নাটনিয়ে হাস্পতালখনত চিকিৎসাধীন ৰোগীসকলৰ বাবে কাল হৈ পৰে। বিষয়াগৰাকীয়ে কয়, ‘আমাক ৩.৫মেট্ৰিকটন অক্সিজেনৰ অনুমোদন দিয়া হৈছিল। কালি সন্ধিয়া ৫বজাত এই অক্সিজেন আমি লাভ কৰাৰ কথা আছিল। কিন্তু অক্সিজেন মাজনিশাহে যোগান ধৰা হয়।

আৰু পঢ়িব পাৰিব: চৌদি আৰবৰ নতুন পাঠ্যক্ৰমত ৰামায়ণ, মহাভাৰত অন্তৰ্ভুক্ত

অক্সিজেন অহালৈ ২৫জনকৈ চিকিৎসাধীন ৰোগীৰ মৃত্যু হয়।’ হাস্পতালখনত ২১৫জন ক’ভিড আক্ৰান্ত হৈ গুৰুতৰ স্বাস্থ্য সংকটত ভোগা ৰোগী চিকিৎসাধীন হৈ আছে। আৰু তেওঁলোকক অক্সিজেন দিয়াটো অতি জৰুৰী। চিকিৎসালয়খনে এতিয়া সহায় বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। প্ৰয়োজনীয় অক্সিজেনৰ যোগানেৰে ৰোগীৰ জীৱন ৰক্ষা কৰিবলৈ ন্যায়ালয়ত দিয়া আবেদনত অনুৰোধ জনাইছে চিকিৎসালয়খনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?