--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰম্ভ হ’ল আইপিএল ২০২৫ ৷ বাংগালুৰুত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচত মুখামুখি হৈছিল কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। উক্ত মেচখনত কলকাতাৰ বিপক্ষে প্ৰায় বিধ্বস্ত হৈ পৰিছিল বাংগালুৰু। কলকাতাৰ এগৰাকী বেটাৰে মেচখনত সংগ্ৰহ কৰা ৰানতকৈও কম ৰান সংগ্ৰহ কৰি বাংগালুৰু লজ্জাজনক পৰাজয়ৰ সন্মুখীন হয়। অৱশেষত ১৭ টা বছৰৰ মূৰত এই ব্যথা দূৰ কৰাৰ সুযোগ লাভ কৰিলে আৰচিবিয়ে।

শনিবাৰে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ হৈ বিৰাট কোহলীয়ে ৩৬টা বলত সৰ্বাধিক ৫৯ ৰান সংগ্ৰহ কৰে। ইফালে বিৰাট কোহলীৰ এজন অনুৰাগীয়ে খেলপথাৰত প্ৰৱেশ কৰে। আচলতে বিৰাট কোহলীয়ে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰাৰ পিছত অনুৰাগীয়ে খেলপথাৰত প্ৰৱেশ কৰে। ইয়াৰ পিছত অনুৰাগীজনে বিৰাট কোহলীৰ ভৰি স্পৰ্শ কৰিলে। বিৰাট কোহলীয়েও অনুৰাগীক সাৱটি ধৰিলে।

অৱশ্যে ছচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে বিৰাট কোহলীৰ অনুৰাগীৰ ভিডিঅ’। ইয়াৰ বাহিৰেও ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ধাৰাবাহিকভাৱে মন্তব্য কৰি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে। আচলতে সেই অনুৰাগীয়ে খেলপথাৰত প্ৰৱেশ কৰাৰ পিছত বিৰাট কোহলীৰ ভৰি চুইছিল। কিন্তু ইয়াৰ পিছত অলপ সময়ৰ ভিতৰতে নিৰাপত্তাৰক্ষীয়ে অনুৰাগীজনক খেলপথাৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?