--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নতুন দিল্লীত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। এই সাক্ষাৎ কালত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শেহতীয়া আইন, শৃংখলা তথা ৰাজনৈতিক পৰিস্থিতিৰ লগতে ৰাজ্য চৰকাৰে আয়োজন কৰা এডভান্টেজ আছাম-২.০ৰ অগ্ৰগতিৰ সন্দৰ্ভত আলোচনা কৰে।

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে এডভান্টেজ আছামৰ‌ সন্দৰ্ভত বহুকেইটা পৰামৰ্শ প্রদান কৰে। এই বহুমূলীয়া পৰামৰ্শই সন্মিলনৰ আয়োজনত আমাক সহায় কৰিব। ইফালে, এই বৈঠকত সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে লিংক থকা বুলি উত্থাপিত অভিযোগৰ সন্দৰ্ভতো আলোচনা হয় বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে পাকিস্তানৰ নাগৰিক আলী তৌকিৰ শ্বেইখৰ সৈতে সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈ কলবাৰ্ন সম্পর্ক পোহৰলৈ অহাৰ পাছত অসম আৰক্ষীয়ে পাক নাগৰিকজনৰ বিৰুদ্ধে‌ গোচৰ ৰুজু কৰে। 

আনকি চাৰিজন শীৰ্ষ আৰক্ষী বিষয়াৰে এখন এছ আই টিও গঠন কৰে। এই তদন্তই অসমৰ লগতে ভাৰতত আলী শ্বেইখৰ নেটৱৰ্ক,ভাৰতৰ বিৰুদ্ধে আলী শ্বেইখক সহযোগ কৰা ব্যক্তি, দল-সংগঠন আৰু সহযোগীসকলৰ অনুসন্ধান, ভাৰতৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্ব সন্দৰ্ভত আহিব পৰা ভাবুকি আদি বিষয় সাঙুৰি ল'ব। 

আনহাতে, সাংসদ গৌৰৱ গগৈয়ে সংসদত দেশৰ নিৰাপত্তা সম্পৰ্কীয় আৰু পাৰমাণৱিক শক্তিসম্পৰ্কীয় কিছু প্রশ্ন কৰিছিল। এই তথ্যবোৰ পাকিস্তানৰ নাগৰিকজন বা সংস্থাটোক প্ৰদান কৰাৰ সন্দেহ কৰি তেওঁকো তদন্তৰ আওতালৈ অনা হৈছে। এনে পৰিস্থিতিত আজি এই বিষয়টোও কেন্দ্রীয় গৃহ মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰীয়ে আলোচনা কৰা কাৰ্য লক্ষণীয় হৈ পৰিছে।' 

উৎস- দৈনিক জনমভূমি  




FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?