--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত বাৰে বাৰে মুদ্ৰাস্ফীতিৰ জোকাৰণি অনুভৱ কৰি আহিছে জনসাধাৰণে। এতিয়া ৰাজ্যসমূহৰ অন্যতম বৃহৎ গাখীৰ যোগান কোম্পানী আমুলে গাখীৰৰ দাম বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। আমুল গাখীৰ বিক্ৰী কৰা গুজৰাট কো-অপাৰেটিভ মিল্ক মাৰকেটিং ফেডাৰেচনে ( GCMMF)  অমুল গাখীৰৰ দাম ৪ শতাংশ বৃদ্ধি কৰিছে, তাৰ পাছত প্ৰতি লিটাৰত ২ টকাকৈ ব্যয়বহুল হ’ব গাখীৰ। ইয়াৰ উপৰিও মাডাৰ ডেইৰী প্ৰতি লিটাৰত গাখীৰৰ দামও ২ টকা বৃদ্ধি কৰিছে।

আমুল গাখীৰৰ দাম ০২ টকা বৃদ্ধি হোৱাৰ পাছত অমুল গোল্ড, আমুল শক্তি আৰু আমুল তাজাৰ দাম বৃদ্ধি পাব। কাইলৈ ​​অৰ্থাৎ ১৭ আগষ্টৰ পৰা আমুল আৰু মাডাৰ ডেইৰী দুয়োটাৰে নতুন গাখীৰৰ মূল্য প্ৰযোজ্য হ’ব। ইয়াৰ পিছত এতিয়া আমুল গ'ল্ড হাৰ প্ৰতি লিটাৰত ৬২ টকা, আমুল শক্তি প্ৰতি লিটাৰত ৫৬ টকা আৰু আমুল তাজাৰ প্ৰতি লিটাৰত ৫০ টকা হ’ব। আধা কেজি আমুল গোল্ডৰ এটা পেকেটৰ দাম হ’ব ৩১ টকা আৰু আমুল ফ্ৰেছৰ পেকেটৰ দাম হ’ব ২৫ টকা। একে সময়তে অমুল শক্তিৰ আধা কেজি পেকেটৰ দাম হ’ব ২৮ টকা।

এই বৃদ্ধিৰ পাছত এতিয়া মাদাৰ ডেইৰী ফুল ক্ৰীম মিল্কে লাভ কৰিব প্ৰতিলিটাৰত ৬১ টকা। ইয়াৰ পূৰ্বে প্ৰতি লিটাৰত লাভ কৰিছিল ৫৯ টকা। আনহাতে গৰুৰ গাখীৰ এতিয়া প্ৰতিলিটাৰত ৫৩ টকাত উপলব্ধ হ’ব। ইয়াৰ লগে লগে টোকেন মিল্কে এতিয়া লাভ কৰিব ৪৬ টকাৰ পৰিৱৰ্তে ৪৮ টকা প্ৰতি লিটাৰত।

তথ্য অনুসৰি কোম্পানীটোৰ মুঠ খৰচ আৰু পৰিচালনা ব্যয় বৃদ্ধি হোৱাৰ বাবে কোম্পানীয়ে গাখীৰৰ দাম বৃদ্ধি কৰিছে। বছৰৰ পিছত বছৰ ধৰি গৰু-ম’হ খুৱাবৰ বাবে ব্যয় ২০ শতাংশ বৃদ্ধি পাইছে। আনহাতে কৃষকক দিয়া দামসমূহো বিগত বৰ্ষত ৮-৯ শতাংশ বৃদ্ধি কৰা হৈছে। এনেবোৰ কাৰণতে গাখীৰৰ দাম বৃদ্ধি পাইছে বুলি জানিব পাৰি।

ইয়াৰ পূৰ্বে মাৰ্চ মাহত কোম্পানীয়ে দাম বৃদ্ধি কৰিছিল, আমুলে পূৰ্বে মাৰ্চ মাহত পেকেটত ভৰোৱা আৰু সতেজ গাখীৰৰ দাম ২ টকাকৈ বৃদ্ধি কৰিছিল। ইয়াৰ আঁৰত কোম্পানীটোৱে ব্যয়বহুল পেট্ৰ’ল আৰু ডিজেলৰ বাবে পৰিবহণৰ মূল্য বৃদ্ধিৰ কথা উল্লেখ কৰিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?