--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আয়ুৰ্বেদ শাস্ত্ৰত ত্ৰিফলাক(Triphala) উৎকৃষ্ট বনৌষধ বুলি বৰ্ণনা কৰিছে।ই পৰম্পৰাগত আয়ুৰ্বেদিক ঔষধৰ এক মুখ্য উপাদান, যি হৈছে ৩,০০০ বছৰৰ আগতে ভাৰতত উদ্ভৱ হোৱা বিশ্বৰ আটাইতকৈ পুৰণি চিকিৎসা প্ৰণালীবোৰৰ ভিতৰত এটা। ত্ৰিফলা বুলি কোনো গছ বা লতা নাই। ই তিনিবিধ ফলৰ সম পৰিমাণৰ মিশ্ৰন মাথোন। ত্ৰিফলা আমলখি, শিলিখা আৰু ভোমোৰাৰ গুড়িৰে তৈয়াৰী এক মিশ্ৰণ। এই তিনিওবিধ ফলৰ মিশ্ৰণ সেৱন কৰি সকলোৱে দীৰ্ঘায়ু হৈ থাকিব পাৰে। নিতৌ ত্ৰিফলা ব্যৱহাৰ কৰি সকলোৱে বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰে। বাত, পিত্ত আৰু কফ এই তিনিওটা একেলগে নাশ কৰিব পাৰে ত্ৰিফলাই। 




আহকচোন জানো ত্ৰিফলাৰ উপকাৰিতা বিষয়ে-

১) আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে সকলো মানুহৰ ৰোগৰ মূল কাৰণ হৈছে ত্ৰিদোষ অৰ্থাৎ বায়ু, পিত্ত আৰু কফ। ত্ৰিফলাই ত্ৰিদোষ নিয়ন্ত্ৰণ কৰে আৰু মানুহক নিৰোগী আৰু সুস্থ কৰি ৰাখে। 

২)ত্ৰিফলা খালে এজন ব্যক্তিয়ে শৰীৰৰ প্ৰত্যেকটো অংগ বীজাণুৰ পৰা ৰক্ষা কৰি ৰাখিব পাৰে। 

৩)যিহেতু ত্ৰিফলাত প্ৰচুৰ পৰিমাণৰ ভিটামিন এ আৰু ভিটামিন চি উপলব্ধ, গতিকে ই চুলি, ছালৰ বাবে বিশেষ উপযোগী।

৪) ত্ৰিফলাই এন্টিঅক্সিডেন্টৰ কাম কৰে। বিশেষকৈ ইয়াত থকা আমলখি এবিধ বহুত ভাল এন্টিঅক্সিডেন্ট।

৫)পেটৰ সমস্যা বা কোষ্ঠকাঠিন্যত ভুগি থকা সকলে ত্ৰিফলা খোৱা আৰম্ভ কৰিব পাৰে। 

৬)হজম শক্তি বৃদ্ধি কৰে।

৭) ত্ৰিফলাই ওজন হ্ৰাস কৰে। ইয়াত থকা এণ্টিঅক্সিডেণ্ট সমল আৰু হাইড্ৰক্সিল আৰু নাইট্ৰিক অক্সাইড ৰেডিকেলে ওজন হ্ৰাস কৰাত সহায় কৰে।

৮) ত্ৰিফলাত লিনোলিক এচিড অন্তৰ্ভুক্ত থাকে, যি ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৯)ত্ৰিফলাই ৰক্ত সঞ্চালন সঠিক ৰখাত সহায় কৰে।

১০)ত্ৰিফলা এণ্টিঅক্সিডেণ্ট,এণ্টিইনফ্লেমেটৰী আৰু এণ্টিমাইক্ৰোবাইল উপাদানে দাঁতৰ সমস্যা দূৰ কৰাত আৰু দাঁতৰ ভাল স্বাস্থ্য বজাই ৰখাত সহায় কৰে।



১১) ত্ৰিফলা খালে শৰীৰত কৰ্কট কোষ বিকশিত হোৱাৰ সম্ভাৱনা হ্ৰাস হয়।

১২)ত্ৰিফলাই চকুৰ সুস্থতা বজাই ৰাখে আৰু দৃষ্টিশক্তি উন্নত কৰে।

১৩)ত্ৰিফলা খালে ভোক নলগা সমস্যা সোনকালে আঁতৰ হয়।

১৪)ত্ৰিফলাই ডায়েবেটিচৰ বিৰুদ্ধে কাম কৰে।

১৫)ই মস্তিষ্কৰ প্ৰদৰ্শন বৃদ্ধি কৰে, লগতে মানসিক ভাগৰ হ্ৰাস কৰে ।

খোৱাৰ নিয়মঃ এক চামুচ ত্ৰিফলা গুড়ি এক গিলাচ গৰম পানীৰ লগত ৰাতি শোৱাৰ আগতে খাব লাগে।।

উল্লেখ্য যে ত্ৰিফলা একেৰাহে ২/৩ মাহ খোৱাৰ পিছত ২০ দিন মানৰ বিৰতি দিয়াটো জৰুৰী। 

গতিকে দীৰ্ঘায়ু আৰু সুস্থ-সবল হৈ থাকিবলৈ হ’লে ত্ৰিফলা নিয়মিত ব্যৱহাৰ কৰক। উল্লেখ্য যে কোনো বিশেষ বেমাৰত ভোগা ব্যক্তিয়ে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ত্ৰিফলা ব্যৱহাৰ কৰিব লাগে।





 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?