--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মছন্দৰী অসমৰ সকলোৰে পৰিচিত এক শাক। এই শাকবিধ  অসমৰ প্ৰায় সকলো ঠাইতে পোৱা যায়। গ্ৰহণী ৰোগত মছন্দৰী এবিধ মহাঔষধি। বাৰী, আৰু ঘৰৰ আশে-পাশে চেঁচুকীয়া জীপাল ঠাইত যথাসময়ত ই আপোনা-আপুনি লহপহীয়াকৈ গজি উঠে।  ইংৰাজীত ইয়াক ফিচ মিন্ট(Fish Mint) বা চামেলিয়ন প্লেন্ট বুলি জনা যায়। পাতবোৰৰ মাছৰ দৰে এক অস্বাভাৱিক গোন্ধ আছে। সেইবাবেই ইয়াক ফিচ মিন্ট বুলি জনা যায়। 

ইয়াৰ বিশেষ উগ্ৰ গোন্ধটো বহুতৰে প্ৰিয় নহয়। এই বৰ্ষজীৱী উদ্ভিদবিধৰ পাতৰ বৰণ ঘন সেউজীয়া। পাতৰ আকৃতি কিছু পৰিমাণে পাণৰ আকাৰৰ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে- ‘ৰানুনকুলাচ ৰেণিফ’ৰমিছ’(Ranunculus)। এই শাকবিধ জোল হিচাপেও ৰান্ধি খাব পাৰি। মছন্দৰীৰ সৈতে মাছৰ জোলকণ খাবলৈ বৰ সোৱাদ। পাতত দি সিজাই, নিমখ-তেল সানি পিটিকা কৰি খাব পাৰি আৰু পটাত পিচি চাটনি হিচাপেও খাব পাৰি। মচন্দৰীত অতি বেছি পৰিমাণে ভিটামিন এ কেৰোটিন আৰু কেলছিয়াম পোৱা যায়।


মছন্দৰীৰ উপকাৰিতা

১)ই গ্ৰহণী, তেজ গ্ৰহণী বা ৰক্তাতিসাৰ, পেটৰ কামোৰণি আদিকে ধৰি পেটৰ বিভিন্ন বেমাৰৰ বাবে এবিধ অতি উপকাৰী উত্তম বনৌষধি।

২) নহৰুৰ ৰসৰ সৈতে ইয়াৰ ৰস মিহলাই পান কৰিলে আভোক বা অৰুচি আঁতৰি যায়, পেটৰ বিষ প্ৰশমিত হয়। 

৩)জালুক আৰু পিপলিৰ চূৰ্ণৰ লগত সামান্য নিমখ মিহলাই ইয়াৰ ৰস পান কৰিলে শ্বাস কষ্ট দূৰ হয়। 

৪)ব্ৰংকাইটিছ, নিউমোনিয়া জ্বৰ আদিতো ই ফলপ্ৰসূ আৰু উপশমদায়ক। 

৫) পেটৰ বেমাৰী বিশেষকৈ ‘ক্ৰণিক ডিচেন্ট্ৰী’ত ভোগা ৰোগীৰ বাবে ই মহৌষধ।

৬) কেঁচা মছন্দৰী খালে ৰক্ত শৰ্কৰা স্তৰ (Blood sugar level) হ্ৰাস কৰাত সহায় কৰিব পাৰে। ই ইনছুলিন (Insulin) উৎপাদনত আৰু গ্লুকোজৰ সহনশীলতা উন্নত কৰাত সহায় কৰি ডায়েবেটিচৰ সৈতে যুঁজ দিয়ে।  

৭)স্বাস্থ্যকৰ কলেষ্টৰেল স্তৰ উন্নত কৰাতো মছুন্দৰীয়ে সহায় কৰে।


৮)  মছন্দৰীৰ ব্যৱহাৰে শৰীৰৰ ওজন হ্ৰাস কৰাত বিশেষভাৱে সহায় কৰে।

৯) আঘাতপ্ৰাপ্ত ছালৰ বিভিন্ন সমস্যা নিৰাময় কৰাত সহায় কৰে।

১০) মছন্দৰীৰ পাত খালে দৃষ্টিশক্তি আৰু স্নায়ু সবল হয়।

১১) মছন্দৰীয়ে  বেক্টেৰিয়াৰ সৈতেও যুঁজ দিব পাৰে।

১২) মছন্দৰীৰ পাতে ৰক্তকণিকা বৃদ্ধি, হৃদৰোগ প্ৰতিৰোধ আৰু মাংসপেশী আটিল কৰে।

আহক আমাৰ বাৰীত সহজতে পোৱা এই মছন্দৰী খাই গ্ৰহণী, পেটকামোৰণি আদিকে ধৰি বহু ৰোগৰ পৰা সকাহ লাভ কৰাৰ উপৰি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰো।

 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?