--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ-২০২২ৰ চিনেমাৰ শ্ৰেষ্ঠ গ্ৰন্থ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে কিশোৰ কুমাৰ: দ্য আলটিমেট বায়'গ্ৰাফী" গ্ৰন্থই৷ পাৰ্থিৱ ধৰ আৰু অনিৰুদ্ধ ভট্টাচাৰ্জীৰ হাতত প্ৰাণ পাই উঠিছে হিন্দী চিনেমা জগতৰ এগৰাকী উচ্চ স্তৰৰ কণ্ঠশিল্পী, অভিনেতা কিশোৰ কুমাৰৰ জীৱনীমূলক গ্ৰন্থ ‘কিশোৰ কুমাৰ: দ্য আলটিমেট বায়'গ্ৰাফী’।

যিগৰাকী শিল্পীৰ আসাধাৰণ সংগীত আৰু অভিনয়ে সহশ্ৰ শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল যাৰ অভিনয় আৰু সংগীতে আজিও অনুৰাগীক উন্মদ কৰি তোলে সেই গৰাকী অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰীৰ বিষয়ে গৱেষণামুলক ভৱে লিখা অশেষ কষ্টকৰ৷ আজি দুগৰাকী লেখকৰ এই শ্ৰমে স্বীকৃতি লাভ কৰিছে৷    
 
এই গ্ৰন্থখনত খাণ্ডৱা, ভাগলপুৰ আৰু ইন্দোৰত প্ৰায় উন্নৈশ বছৰ একত্ৰিতভাৱে শুনা আৰু তেওঁৰ আপোনজনৰ সৈতে হোৱা সাক্ষাৎকাৰকে ধৰি বিশ বছৰীয়া গৱেষণাৰ ফল এই গ্ৰন্থ। জীৱনীমূলক গ্ৰন্থ খনত তেওঁৰ সংগীত, তেওঁৰ চিনেমা আৰু তেওঁৰ চিন্তাধাৰ আদিৰে ইমান বহুমাত্ৰিক দৃষ্টিভংগীৰে অধ্যয়ন কৰাৰ প্ৰয়াস ইয়াৰ আগতে কেতিয়াও হোৱা নাছিল৷

গ্ৰন্থখনত তিনিটা মূল খণ্ড ভৈৰৱ: দ্য মৰ্নিং, পুৰৱী: দ্য আফটাৰনুন, আৰু কল্যাণ: দ্য ইভিনিং, ধ্ৰুপদী ৰাগৰ নামেৰে নামকৰণ কৰা উপখণ্ড আছে৷

তেওঁৰ অসাধাৰণতাৰ ব্যক্তিত্বক তুলিধৰাৰ লগতে, কিশোৰ কুমাৰ হাস্যৰস, আৰু কল্পনাতীত গায়কী গুণৰ লগতে শিল্পীগৰাকীৰ জীৱনৰ অন্ধকাৰ দিশসমূহৰ ওপৰতো নিৰ্মোহ বিশ্লেষণ আগবঢ়াইছে গ্ৰন্থখনত৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?