--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী : অনলাইন সুৰা বিক্ৰী সম্পৰ্কে ৰাজপত্ৰিত জাননী জাৰি৷ কেনেকৈ অনলাইনত বিক্ৰী কৰা হ'ব সুৰা তাৰ বিতং তথ্য৷ জাননী অনুসৰি, আবকাৰী বিভাগৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব বিপণীয়ে৷ নিৰ্দিষ্ট অনলাইন প’ৰ্টেলত নাম, বয়সৰ প্ৰমাণ দিব লাগিব গ্ৰাহকে৷ অনুজ্ঞাপত্ৰ থকা সুৰা বিপণীয়েহে পাব অনলাইন বিক্ৰীৰ সুবিধা৷ এপযোগে বিক্ৰী কৰিব পাৰিব বিদেশী সুৰা৷ শিক্ষানুষ্ঠানৰ হোষ্টেল, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ধৰ্মীয় স্থানত ডেলিভাৰী নহ’ব সুৰা৷ এজন গ্ৰাহকে সৰ্বাধিক ৩ লিটাৰ পৰ্যন্ত অৰ্ডাৰ দিব পাৰিব৷

ডেলিভাৰী এজেণ্টে ৯ লিটাৰ পৰ্যন্ত কঢ়িয়াব পাৰিব সুৰা৷ অৰ্ডাৰ দিওতেই আদায় দিব লাগিব সুৰাৰ মূল্য৷ পুৱা ১১–নিশা১০ বজালৈ থাকিব অনলাইন ডেলিভাৰীৰ সুবিধা৷ অৰ্ডাৰ দিয়াৰ ২ ঘণ্টাৰ ভিতৰত দিব লাগিব ডেলিভাৰী৷ এমআৰপিতকৈ সুৰাৰ অধিক দাম ল’ব নোৱাৰিব বিপণীয়ে৷ নিৰ্দিষ্ট ডেলিভাৰী চাৰ্জ, ছাৰ্ভিচ চাৰ্জ আদিৰ উপৰি কোনো চাৰ্জ ল’ব নোৱাৰিব৷ ১ কিঃমিঃতকৈ কম দূৰত্বৰ বাবে ৫০টকা অতিৰিক্ত চাৰ্জ দিব লাগিব৷ ১-২ কিঃমিঃৰ ভিতৰত চাৰ্জ হ’ব ৭৫ টকা৷

অৰ্ডাৰ পোৱাৰ ১০ মিনিটৰ ভিতৰত বিপণীয়ে অৰ্ডাৰ গ্ৰহণ কৰিব লাগিব৷ অৰ্ডাৰ বাতিল হ’লে গ্ৰাহকে আন এখন বিপণীৰ পৰা ল’ব পাৰিব সুৰা৷ প্ৰত্যেক বিপণীয়ে সৰ্বাধিক ১০জন এজেণ্ট ৰাখিব পাৰিব৷ প্ৰথমে কেৱল গুৱাহাটী পৌৰ নিগম এলেকাত সীমিত থাকিব এই সুবিধা৷ পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ৰাজ্যতে উপলব্ধ হ’ল অনলাইন যোগে সুৰা ক্ৰয়ৰ সুবিধা৷ ডেলিভাৰী এজেণ্টৰ তথ্যৰ সবিশেষ জমা দিব লাগিব বিভাগক৷ ডেলিভাৰী এজেণ্টৰ বয়স ২১ বছৰৰ কম হ’ব নোৱাৰিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?