--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনলাইন শ্বপিঙৰ সৈতে জড়িত প্ৰৱঞ্চনাৰ ঘটনা প্ৰায়ে ছ’চিয়েল মিডিয়াত পোহৰলৈ আহে। শেহতীয়াকৈ এজন আমেৰিকান মানুহ অনলাইন শ্বপিঙৰ প্ৰবঞ্চনাৰ বলি হ’ল। আমেৰিকাৰ জৰ্জিয়াৰ বাসিন্দা এই ব্যক্তিজনে আচৰিত হৈছিল যেতিয়া তেওঁ অৰ্ডাৰ কৰা সামগ্ৰীৰ সলনি সামগ্ৰীৰ ছপা ছবিহে তেওঁৰ ওচৰলৈ ডেলিভাৰী কৰা হৈছিল। 

৬৮ বছৰীয়া চিলভেষ্টাৰ ফ্ৰেংকলিনে চীনৰ অনলাইন বজাৰ AliExpressৰ পৰা প্ৰায় ৪০ ডলাৰত প্ৰেচাৰ ৱাশ্বাৰযুক্ত ড্ৰিল মেচিন ক্ৰয় কৰিছিল। ব্যক্তিজনে অনুভৱ কৰিলে যে তেওঁ কম টকাতে বহুত ভাল বস্তু পাইছে। অৱশ্যে পিছতহে তেওঁ গম পালে যে আচল কথাটো কি।

যেতিয়া মানুহজনে সামগ্ৰীখিনি পাইছিল, তেতিয়া তেওঁ স্তম্ভিত হৈ পৰিছিল যে প্ৰকৃত ড্ৰিলৰ সলনি কোম্পানীটোৱে ড্ৰিলিং মেচিন আৰু স্ক্ৰুৰ ছপা ফটো এখন পঠিয়াইছে। ইয়াৰ পিছত ফ্ৰেংকলিনে সংবাদ মাধ্যমক কয়, "মই প্ৰায় ৪০ ডলাৰ দিলোঁ। মই মাত্ৰ ড্ৰিলৰ ছবিহে পালোঁ। মই স্তম্ভিত হৈ পৰিলোঁ। লগে লগে তেওঁলোকৰ সৈতে যোগাযোগ কৰিলোঁ ধন ঘূৰাই পাবলৈ।" কিন্তু এই ক্ষেত্ৰতো ফ্ৰেংকলিনে বহুত সংগ্ৰাম কৰিবলগীয়া হৈছে। ফ্ৰেংকলিনে বিক্ৰেতাজনৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও এতিয়াও ধন ঘূৰাই পোৱা নাই।

উল্লেখ্য যে AliExpress আলিবাবাৰ সহযোগী কোম্পানী আৰু ইয়াক প্ৰায়ে “চীনৰ আমাজন” বুলি কোৱা হয়। বিগত সময়তো ইয়াক বহু সন্দেহজনক কামৰ বাবে সমালোচনা কৰা হৈছে। বেটাৰ বিজনেছ ব্যুৰোৰ মতে, AliExpressৰ ডি ৰেটিং আছে আৰু হাজাৰ হাজাৰ ক্ৰেতাৰ অভিযোগৰ প্ৰতি সঁহাৰি জনোৱাত ব্যৰ্থ হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?