--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ ফলাফল প্ৰকাশ কৰাৰ ১২দিনৰ অন্তত সিদ্ধান্তত উপনিত হ’ল কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী৷ আৱশেষত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব বিজেপিৰ দেৱেন্দ্ৰ ফাড়নবিছে৷ 

ভাৰতীয় জনতা পাৰ্টিৰ বিধায়িনী দলৰ বৈঠকত দেৱেন্দ্ৰ ফাড়নবিছক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। চন্দ্ৰকান্ত পাটিল আৰু সুধিৰ মুংগনতিৱাৰে ফাড়নবিছৰ নামটো বিধায়িনী দলৰ নেতা হিচাপে প্ৰস্তাৱ কৰিছিল আৰু পংকজা মুণ্ডে সমৰ্থন আগবঢ়াইছিল।

শিৱসেনাৰ নেতা একনাথ সিন্দে আৰু এন চি পি নেতা অজিত পাৱাৰৰ সৈতে দেৱেন্দ্ৰ ফাড়নবিছে ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনৰ সন্মুখত চৰকাৰ গঠনৰ প্ৰস্তাৱ কৰে। ৫ ডিচেম্বৰ বৃহস্পতিবাৰে আজাদ ময়দানত সন্ধিয়া ৫:৩০ বজাত শপত গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। কাইলৈ ​​মুখ্যমন্ত্ৰীৰ লগতে দুই উপ মুখ্যমন্ত্ৰীয়েও শপত গ্ৰহণ কৰিব বুলি সদৰি কৰিছে৷

একনাথ সিন্দে কয় যে কি পাইছো তাক লৈ কোনো প্ৰশ্নই নাছিল। মনত মাথোঁ এটাই অনুভৱ আছিল যে মহাৰাষ্ট্ৰই কি পালে। সেয়াই কৰা হ’ল। লগতে কয় মহাযুঁটিত কোনো উচ্চ-নীচ নাই সকলো ঠিকেই আছে বুলি বক্তব্য দাঙি ধৰে৷ 

অৱশেষত মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিৱেশত অন্ত পৰিল পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ জল্পনা কল্পনা৷ লক্ষণীয় হ’ব বিজেপি মিত্রজোঁটৰ চৰকাৰ খনে মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ আশা আকাংক্ষা পূৰ্ণ কৰিবলৈ কিমানদূৰ সক্ষম হয়! 


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?