--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বুধবাৰে অতুল গগৈৰ সভাপতিত্বত চি পি আই শিৱসাগৰ জিলা কার্যালয়ত কার্যনির্বাহকৰ এখন সভা অনুষ্ঠিত হয়। সভাত কেইবাটাও গুৰুত্বপূর্ণ সাংগঠনিক সিদ্ধান্ত গ্রহণ কৰাৰ লগতে সাম্প্রতিক জিলা তথা ৰাজ্যখনৰ পৰিস্থিতি সম্পর্কে আলোকপাত কৰে৷ কার্যনির্বাহকৰ সভাৰ পাছতে এখন সংবাদ মেল সম্বোধন কৰে চি পি আইৰ অসম ৰাজ্যিক পৰিষদৰ সাধাৰণ সম্পাদক কনক গগৈয়ে। সংবাদ মেলত ৰাজ্যিক সম্পাদক কনক গগৈ উপৰিও জিলা সম্পাদক মণি বুঢ়াগোহাঁই, এ আই টি ইউ চিৰ জিলা সম্পাদক মদন বৰুৱা, জেষ্ঠ কমিউনিষ্ট নেতা অতুল গগৈয়ে অংশ লৈছিল।

সংবাদ মাধ্যমক সম্বোধন কৰি চি পি আইৰ ৰাজ্যিক সম্পাদকগৰাকীয়ে স্মাৰ্ট মিটাৰ বন্ধৰ দাবী উত্থাপন কৰাৰ লগতে অসমত ট্ৰেডিঙৰ প্ৰৱঞ্চক সকলক চৰকাৰক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে।

শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক মেৰুকৰন কৰাৰ অভিযোগ উত্থাপন কৰি সোনাপুৰৰ কচুতলিৰ ডিমৰীয়া অঞ্চলত হোৱা উচ্ছেদ প্ৰক্ৰিয়াত আইনৰ নিয়ম মানি উচ্ছেদ কৰিবলৈ দাবী উত্থাপন কৰিছে৷ চি পি আইয়ে নিজৰ দলৰ মত স্পষ্ট কৰি কয় যে ট্ৰাইবেল বেল্টৰ ভূমি সংৰক্ষণ স্বাৰ্থত চি পি আইৰ সমৰ্থন আছে কিন্তু উচ্ছেদ প্ৰক্ৰিয়া সাম্প্ৰদায়িক দৃষ্টিকোণৰে হ’লে সমৰ্থন নকৰে বুলি প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সদৰি কৰিছে৷

সম্প্ৰতি অসমীয়াৰ ওপৰত হিন্দী ভাষীলোকৰ অত্যাচাৰ আৰু ইয়াৰ ফলস্বৰূপত উজনি অসমত সৃষ্টি হোৱা পৰিস্থিতি আদি ঘটনাই চৰকাৰ তথা গৃহ বিভাগৰ চূড়ান্ত ব্যর্থতাকে সুচাইছে বুলি অভিযোগ উত্থাপন কৰি হিমন্ত বিশ্ব শর্মাই তৎকালীন ভাবে গৃহমন্ত্রীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ পার্টিয়ে দাবী জনাইছে৷ বহিৰাগত আক্ৰমনক চি পি আইয়ে সহজ ভাৱে গ্ৰহণ কৰা নাই বুলি মত প্ৰকাশ কৰি কয় যে এই আক্ৰমনৰ পৰা জাতিক সুৰক্ষা প্ৰদানৰ বাবে ছয় জনগোষ্ঠীক জনজাতিকৰনৰ দাবী কৰাৰ লগতে ৩৭০-৩৭১(ক)জৰিয়তে অসমক বিশেষ ৰাজ্যৰ মৰ্য্যদা প্ৰদান দাবী চি পি আইৰ।

ইয়াৰোপৰি অ' এন জি চিৰ বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্যালয় শিৱসাগৰৰ পৰা হস্তান্তৰ কৰাৰ সন্দৰ্ভতো চি পি আইৰ সকিয়নি প্ৰদান কৰিছে চৰকাৰক। অ' এন জি চিৰ অসম বিৰোধী চক্ৰৰ বিৰোদ্ধে চি পি আইৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষনা কৰিছে। ৩০ চেপ্তেম্বৰত অ' এন জি চিৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়নৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি সদৰি কৰিছে৷

উল্লেখযোগ্য যে অ’এন জি চি (এল) ব অসম সম্পদৰ মুখ্য কাৰ্যালয় নাজিৰাৰ পৰা কেইবাটাও গুৰত্বপূর্ণ বিভাগ স্থানান্তৰ কৰিবলৈ প্রায় চূড়ান্ত কৰিছে৷ইতিমধ্যে বিত্তীয় বিভাগটো দিল্লীলৈ স্থানান্তৰ কৰিলে আৰু Geological Laboratory যোৰহাটলৈ স্থানান্তৰ কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?