--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

আফগানিস্তানঃ তালিবান অভ্যুত্থানৰ ফলত আতংকিত হৈ পৰা আফগানিস্তানত শান্তি পুনৰুদ্ধাৰৰ বাবে বিশ্বৰ নেতাসকলৰ হস্তক্ষেপ বিচাৰিছে দেশখনৰ তাৰকা ক্ৰিকেটাৰ ৰছিদ খানে। টুইটাৰযোগে এই কথা সদৰী কৰিছে ক্ৰিকেটাৰজনে। তেওঁ কয় যে, ‘প্ৰিয় বিশ্বনেতাসকল, সম্প্ৰতি মোৰ দেশৰ প্ৰবল বিদ্ৰোহৰ সূত্ৰপাত হৈছে। মহিলা আৰু শিশুকে ধৰি হাজাৰ হাজাৰ নিৰীহ লোকৰ প্ৰতিদিনে মৃত্যু ঘটিছে। বাসগৃহসমূহ ধ্বংস হৈ গৈ আছে। হাজাৰ হাজাৰ পৰিয়াল গৃহহীন হৈ পৰিছে। আমাক হত্যা নকৰিব, আমাক ধ্বংস নকৰিব। আমি শান্তি বিচাৰো।’


উল্লেখ্য যে, ৰাজধানীৰ প্ৰৱেশদ্বাৰত তালিবানৰ অগ্ৰগতি আৰু তেওঁলোকৰ অৱস্থানৰ প্ৰতিবেদন বিয়পি পৰাৰ পাছত চহৰখনৰ বাসিন্দাসকলে কাবুলৰ পৰা পলায়ন কৰিবলৈ আৰম্ভ কৰিছে। আফগানিস্তানৰ ৰাজধানী কাবুল দখলৰ পাছত পৰস্থিতি অধিক অৱনতি ঘটিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ২০বছৰৰ পাছত আফগানিস্তানৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিছে। তালিবানে দেশখনৰ ৩৪খন প্ৰদেশৰ বেছিভাগ দখল কৰিছে। কাবুল দখলৰ পাছত ৰাষ্ট্ৰপতিৰ প্ৰাসাদো দখল কৰিছে তালিবানে। অনাগত সময়ত তালিবানৰ ত্ৰাস কিদৰে নিৰ্বাপিত কৰিব পৰা যায় সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?