--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যি সময়ত তালিবানে আফগানিস্তানক নিজৰ দখলত আনি দেশখনৰ নাগৰিকৰ মৌলিক অধিকাৰ পৰ্যন্ত খৰ্ব কৰিছে, মানুহৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে সেই সময়তে বিশ্ব শান্তি প্ৰতিষ্ঠাৰ বাবে গঠন হোৱা ৰাষ্ট্ৰসংঘৰ অস্তিত্বৰ প্ৰতি ভিন্ন ৰাষ্ট্ৰই আঙুলি তুলিছে। কিয়নো দেশখনৰ সংকটৰ সময়ত প্ৰত্যক্ষভাৱে ৰাষ্ট্ৰসংঘই তালিবানৰ বিৰুদ্ধে মাত মতা নাই বুলি বিভিন্ন মহলে অভিযোগ আনিছে। কিন্তু শেহতীয়াকৈ ৰাষ্ট্ৰ সংঘৰ সহযোগী সংস্থা ‘UNESCO ’এ তালিবানৰ বিৰুদ্ধে মাত মাতিছে।

তালিবানে আফগানিস্তানৰ মহিলাসকলৰ ইটোৰ-পাছত সিটো নিষেধাজ্ঞ জাৰি কৰাৰ পাছত এইবাৰ বিদ্যালয়সমূহত যুৱতীসকলক পঢ়াৰ ক্ষেত্ৰত যি নিষেধাজ্ঞ আনিছে, তাক লৈয়ো ‘UNESCO’- এ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। ‘UNESCO’-এ সতৰ্ক কৰি দিছে যে, যদি যুৱতীসকলক বিদ্যালয়ত পাঠদানৰ পৰা বঞ্চিত কৰি কৰা হয় তেনেহ’লে ইয়াৰ পৰিণতি বিষম হ’ব আৰু তালিবানে ইয়াৰ ফল ভুগিব লাগিব। শিক্ষা যিহেতু প্ৰত্যেকজন মানুহৰ বাবে এক জন্মগত অধিকাৰ গতিকে তালিবানে এইক্ষেত্ৰত বাধা প্ৰয়োগ নকৰি ল’ৰা-ছোৱালী উভয়ৰ বাবে বিদ্যালয় খোলিব লাগে বুলি ‘UNESCO’ৰ মহানিৰ্দেশক অড্ৰে আজোলে মতপোষণ কৰিছে। তদুপৰি তালিবানৰ এনেধৰণৰ নিষেধাজ্ঞই ল’ৰা-ছোৱালীৰ মাজত লিংগ বৈষম্য অনা বাদে একো নহয় বুলি বিভিন্ন মহলে কৈছে।

‘UNESCO’-এ কয় যে, ‘আফগান শিশুসকলৰ প্ৰতি আমি সদায়েই দায়বদ্ধ, আৰু তেওঁলোকে লাভ কৰিবলগীয়া সকলো প্ৰাপ্য, অধিকাৰ তেওঁলোকৰ বাবে সুৰক্ষিত হৈ থাকিবই লাগিব।’ শেহতীয়াকৈ হ’লেও বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সংস্থা ‘UNESCO’-এ তালিবানলৈ জাৰি কৰা এনেধৰণৰ সতৰ্কবাণীৰ প্ৰতি আফগানিস্তানৰ লগতে বিভিন্ন ৰাষ্ট্ৰই সন্তুষ্টি প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?