এইবাৰ অস্কাৰৰ দৌৰত চামিল হৈছে এখন তামিল ছবি। দক্ষিণৰ ছুপাৰষ্টাৰ সূৰ্যই অভিনয় কৰা তামিল ছবিখন অস্কাৰ বঁটাৰ কেইবাটাও শাখাত অন্তৰ্ভুক্ত হোৱাৰ কথা প্ৰকাশ কৰিছে ছবিখনৰ সহ-প্ৰযোজক ৰাজেশকাৰ পাণ্ডিয়ানে।
আৰু পঢ়িব পাৰিব : দিল্লীৰ হিংসাৰ আঁৰত কোন এই দীপ সিন্ধু?
এই তামিল ছবিখনৰ নাম হৈছে ‘ছুৰাৰাই প’ট্টৰু’। ছবিখনৰ পৰিচালক হৈছে সুধা কোংগাৰা।
আৰু পঢ়িব পাৰিব : ক’ভিড প্ৰতিষেধক লৈ কি আহ্বান কমলা হেৰিছৰ?
অস্কাৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ পৰিচালক আৰু আন ভালেকেইটা শিতানৰ প্ৰতিযোগিতাত ছবিখন অন্তৰ্ভুক্ত হোৱা বুলি প্ৰকাশ পাইছে।