--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

শিলচৰ: শিলচৰৰ ‘আৱৰ্ত ভৱন’ত অসম-মিজোৰাম সীমান্তৰ সংঘাতৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ আয়োজন কৰে৷ সংবাদমেলখনত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে৷ ছেটেলাইটযোগে নিৰীক্ষণ কৰা হ’ব সীমান্ত৷ সীমান্তৰ স্থিতাৱস্থা বাহাল ৰখাত গুৰুত্বপ্ৰদান কৰিছে অসম চৰকাৰে৷ মিজোৰাম চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷

পূৰ্ব পৰিকল্পিত আছিল মিজো আৰক্ষীৰ আক্ৰমণ বুলিও সাংবাদকিৰ সন্মুখত ব্যক্ত কৰে তেওঁ৷ আধাঘণ্টা ধৰি চলাইছিল ধাৰাসাৰ গুলীবৰ্ষণ৷ আৰক্ষী অধীক্ষক, আৰক্ষীৰ উপ-মহাপৰিদৰ্শকৰ বৈঠকৰ সময়তে চলাইছিল গুলীবৰ্ষণ বুলিও শৰ্মাই মন্তব্য আগবঢ়ায়৷ লগতে সংবাদেমেলত তেওঁ কয় যে, ‘কালি মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সৈতে ৬ বাৰ কথা পাতিছিলো৷ দুয়োজন মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছিল অমিত শ্বাহেও৷'

আনহাতে, ড০ শৰ্মাই কয় যে, 'অসমৰ ১ ইঞ্চি ভূমিও এৰি দিয়া নহ’ব মিজোক’৷ এতিয়াও মিজোৰামে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মনা নাই বুলিও গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ মিজো আৰক্ষীয়ে ব্যৱহাৰ কৰিছিল ‘লাইট মেচিনগান'৷ নিহত জোৱানৰ পৰিয়াললৈ ৫০ লাখকৈ আৰু আহত প্ৰতিজনলৈ ১লাখ টকাৰ সাহায্য পৰ্দান কৰা হ’ব বুলিও শৰ্মাই সংবাদমেলত সদৰী কৰে৷ নিহতসকলৰ পৰিয়ালক চৰকাৰী চাকৰি প্ৰদানৰো আশ্বাস মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?