--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ জাতীয় ফল হিচাপে স্বীকৃতি লাভ কৰা অসমৰ নেমুৱে বিশ্বত সৃষ্টি কৰিছে খলকনিৰ। অবিশ্বাস্য যেন লাগিলেও সত্য যে অসমত উৎপাদিত মাত্র ছটা নেমু দুহেজাৰ টকাত বিক্ৰীৰ খবৰে কৃষকৰ বাবে শুভ সংবাদ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই নিলাম হয় জার্মানিত অনুষ্ঠিত জার্মানি বায়'ফেক ট্রেডফেয়াৰ-২৫ত। বিগত ফেব্ৰুৱাৰীত বিশ্বৰ ৯৫খন ৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় কৃষক, উৎপাদক আৰু বিতৰকৰ মাজত জার্মানিত অনুষ্ঠিত হোৱা বায়'ফেক ট্রেডফেয়াৰত ভাৰতৰ হৈ অংশগ্ৰহণ কৰি অসমৰ গোলাঘাট জিলাৰ মেৰাপানীৰ পদুম পথাৰ জৈৱিক কৃষি উৎপাদন কোম্পানীয়ে এই কৃতিত্ব আর্জিবলৈ সক্ষম হৈছে। 

অসম চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য সংসাধনৰ সঞ্চালক নৃপেন চন্দ্র দাস আৰু MOVCDNERৰ ৰাজ্যিক নডেল বিষয়া লক্ষী দত্তৰ তত্ত্বাৱধানত জার্মান বায়'ফেক ট্রেডফেয়াৰত অংশগ্ৰহণ কৰিছিল অসমৰ তিনিজন কৃষক ক্রমে, পদুম পথাৰ জৈৱিক কৃষি উৎপাদন কোম্পানীৰ অধ্যক্ষ তথা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক যুৱ কৃষক অঞ্জল লিম্বু, বোকাখাত জৈৱিক কৃষি উৎপাদন কোম্পানীৰ অধ্যক্ষ প্রহ্লাদ বৈষ্ণৱ বৰুৱা আৰু ভেৰগাঁও জৈৱিক কৃষি উৎপাদন কোম্পানীৰ অধ্যক্ষ কমলেশ্বৰ বড়ো। ভাৰতৰ হৈ অসমৰ পৰা প্ৰতিনিধিত্ব কৰা কৃষকৰ দলটোৱে অসমৰ মাটিত জৈৱিক পদ্ধতিৰে উৎপাদন কৰা আদা, হালধি, জালুক, কাজিনেমু, অমিতা, ৰঙালাউ আৰু কলৰ লগতে বিভিন্ন শাক-পাচলিৰ সম্ভাৰেৰে উপস্থিত হৈছিল জার্মান বায় 'ফেক ট্রেডফেয়াৰত। উক্ত ট্রেডফেয়াৰতে অসমৰ মাত্র ছটা কাজিনেমু জাৰ্মানিত ২০ ইউৰোত বিক্ৰী হৈছে, যাৰ ভাৰতীয় মূল্য প্রায় দুহেজাৰ টকা। এই বাণিজ্যমেলাত ফ্ৰান্সৰ এগৰাকী বিতৰকে ৬ টা কাজিনেমু উচ্চ দৰত ক্ৰয় কৰি ইয়াৰ ভৱিষ্যৎ ৰপ্তানিৰ ক্ষেত্ৰত অসমৰ কৃষকৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে অসমৰ ভূমিত জৈৱিক পদ্ধতিৰে উৎপাদন কৰা বিভিন্ন কৃষিজাত শাক-পাচলিয়ে বিশ্বৰ বহিঃৰাষ্ট্ৰত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ জৈৱিকতাৰ গুণাগুণ পৰীক্ষাৰ পাছত বহিঃৰাষ্ট্ৰসমূহত অসমৰ জৈৱিক উৎপাদিত সামগ্ৰীৰ প্ৰচুৰ ৰপ্তানিৰ সম্ভাৱনা প্রকট হৈ পৰিছে। 

উল্লেখযোগ্য যে কিছুবছৰৰ পূৰ্বে অঞ্জল লিম্বু, সঞ্জিত বিশ্বকর্মা আদিৰ দৰে কেইজনমান যুৱ কৃষকৰ নেতৃত্বত আৰম্ভ হোৱা গোলাঘাট জিলাৰ পদুম পথাৰ জৈৱিক কৃষি উৎপাদন কোম্পানীয়ে নতুন সম্ভাৱনাৰে বৃহৎ কৃষি উদ্যোগ গঢ়ি তুলি গুৱাহাটী-ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি জাগীৰোড, গোলাঘাট-যোৰহাট আদি স্থানীয় বজাৰসমূহৰ লগতে ছৌডি আৰব, ডুবাই আদি স্থানলৈ জৈৱিক পদ্ধতিৰে উৎপাদিত বিভিন্ন কৃষিজাত সামগ্রী যোগান ধৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ চলিত বর্ষতেই ওড়িষা, মহাৰাষ্ট্ৰ আৰু হায়দৰাবাদলৈ জৈৱিক উৎপাদিত ৪০০ মেট্রিকটন নাডিয়া জাতৰ আদা আৰু মিজোৰাম আৰু ওড়িষালৈ ৫০ মেট্রিকটন মেঘা-১ জাতৰ হালধি ৰপ্তানি কৰাৰ চুক্তি সম্পন্ন কৰিছে। জানিব পৰা মতে, বৰ্তমান পদুম পথাৰ জৈৱিক কৃষি উৎপাদন কোম্পানীয়ে ৭০ বিঘা মাটিত ৰঙালাউৰ খেতি কৰি ২০০০ কুইণ্টল ৰঙালাউ উৎপাদন কৰি স্থানীয় বজাৰত বিক্ৰী কৰি আছে। পদুম পথাৰ জৈৱিক কৃষি উৎপাদন কোম্পানীৰ অধ্যক্ষ অঞ্জল লিম্বুৱে সদৰী কৰা মতে, বৰ্তমান ১৫০০গৰাকী কৃষকৰ দ্বাৰা উৎপাদন সমৃদ্ধ কোম্পানীটোৱে অঞ্চলটোত ১৫০০ হেক্টৰ মাটিত জৈৱিক পদ্ধতিৰে বিভিন্ন শস্যৰ উৎপাদনত ব্যস্ত হৈ পৰিছে যদিও তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰীৰ ক্ষেত্ৰত যি মূল্য পাব লাগিছিল সেই মূল্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু তেওঁলোকে ভবা মতে বহিঃৰাষ্ট্ৰত অসমৰ জৈৱিক কৃষি যোগান ধৰাৰ সুবিধা লাভ কৰিলে ই অসমৰ কৃষি অর্থনীতিত ইতিবাচক প্ৰভাৱ পেলাব। শেহতীয়াকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, বিত্ত মন্ত্রী অজন্তা নেওগ আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ প্ৰচেষ্টাত ভাৰতৰ হৈ জার্মান বায়'ফেক ট্রেডফেয়াৰ-২০২৫ত অংশগ্ৰহণ কৰাত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই অসমৰ জৈৱিক কৃষিৰ উৎপাদিত সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰিছে। সেই নমুনাসমূহৰ জৈৱিক গুণাগুণ পৰিকল্পনাৰ পাছত ৰাষ্ট্ৰসমূহে অসমৰ জৈৱিক উৎপাদিত শস্য ক্রয় কৰিবলৈ আগবাঢ়ি আহিলে অসমত 'পথাৰ যাৰ বজাৰ তাৰ' নীতি প্রযোজ্য হ'ব বুলি আশা কৰিছে।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?