--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসম বিধানসভাৰ মজিয়াত ইতি পৰিল ৮৭ বৰ্ষৰ ধৰি চলি অহা দুঘণ্টাৰ নামাজ বিৰতি। ১৯৩৭ চনত অসম বিধানসভা কাৰ্যক্ষম হোৱাৰ পৰাই  আৰম্ভ হৈছিল এই প্ৰথ।প্ৰথা অনুসৰি প্ৰতি শুকুৰবাৰে পুৱা ১১ বজাত সদনৰ কাৰ্য্যবিধি দুঘণ্টাৰ বাবে স্থগিত ৰখা হৈছিল যাতে মুছলমান বিধায়কসকলে নমাজ পঢ়াৰ পাছত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি  সদনত অংশগ্ৰহণ কৰিব পাৰে।

৮৭ বছৰ ধৰি চলি অহা দুঘণ্টাৰ নামাজ বিৰতি সমাপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম বিধানসভাই।বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ অধ্যক্ষতাত অসম বিধানসভা নিয়মাৱলী সমিতিৰ দ্বাৰা অনা অসম বিধানসভাৰ কাৰ্য্যবিধিৰ সংশোধনীৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।শৰৎকালীন অধিবেশনৰ শেষৰ দিনটোত জাৰি কৰা অধিসূচনাত কোৱা হৈছে যে যিহেতু সপ্তাহৰ অন্য দিনত এই প্ৰথা পালন কৰা নহয়। আৰু সংবিধানৰ ধৰ্ম নিৰপেক্ষ নীতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 'ধৰ্মীয় বিভাজনে সমাজ খন ভাগ কৰা উপনিবেশিক নীতি ত্যাগ কৰি।' ইতিহাস ৰচনা কৰা বুলিও কোৱা হৈছে এই সিদ্ধান্তক।

এক্সৰ এটা পোষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে দুঘণ্টীয়া নামাজ বিৰতি বিলুপ্ত  কৰি বিধানসভাই উৎপাদনশীলতাক অগ্ৰাধিকাৰ প্ৰদান  কৰাৰ লগতে ঔপনিৱেশিক শাসনৰ আন এক অৱশিষ্ট আঁতৰাই পেলোৱা হৈছে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘মুছলিম লীগৰ চৈয়দ সাদুল্লাই এই প্ৰথা ১৯৩৭ চনত আৰম্ভ কৰিছিল। এই ঐতিহাসিক সিদ্ধান্তৰ বাবে সন্মানীয় অধ্যক্ষ বিশ্বজিত দৈমাৰী দেৱৰ লগতে আমাৰ বিধায়কসকলৰ প্ৰতি মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।’
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?